/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/d30d4e13-db94-440d-ae0c-6479d030013f/AP_FOR_WEB_cong_.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ এখন তালিকা প্ৰকাশ কৰিছে যদিও কংগ্ৰেছে এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই।
ইয়াৰ মাজতে সূত্ৰ অনুসৰি জানিব পৰা গৈছে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এইবাৰ আমেঠী আৰু বাইনাডৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। আনহাতে প্ৰিয়ংকা গান্ধীয়ে ৰায়বৰেলীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে।
প্ৰিয়ংকা গান্ধী এয়া প্ৰথমবাৰৰ বাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। ইয়াৰ দ্বাৰাই প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী ৰাজনীতিত আত্মপ্ৰকাশ কৰিব। প্ৰিয়ংকা গান্ধীৰ মাতৃ ছোনিয়া গান্ধীয়ে ৰায়বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে এই এই সিদ্ধান্ত লয় প্ৰিয়ংকাই।
ৰাহুল গান্ধী কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰন্তৰ আক্ৰমণ কৰি গৈ আছে। তেওঁ যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ভাৰত জোড়ো যাত্ৰা উলিয়াইছিল। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰুদ্ধে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি আছে গান্ধীয়ে।
উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা নহ'লেও দলসমূহে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। কেইবাখনো ৰাজ্যত ইণ্ডিয়া মিত্ৰজোটে একেলগে নিৰ্বাচন খেলিব যদিও বহুকেইখন ৰাজ্যত কংগ্ৰেছ ,আপ আদিয়ে অকলে প্ৰতিদ্বন্বিতা কৰিব। ইতিমধ্যে ইণ্ডিয়া মিত্ৰজোটৰ আসন ভাগ-বতৰা সমস্যা কিছু পৰিমাণে সমাধান হৈছে যদিও লোকসভা নিৰ্বাচনত বিৰোধীৰ স্থিতি কি হয় সেয়া হ'ব লক্ষণীয়।
Also Read: ১১ টা মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক শশীকান্ত দাসৰ