/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/81c38184-d7df-4e2e-9e02-c4de9f3c6726/ra.jpg)
ডিজিটেল সংবাদ, ৰহাঃ বুধবাৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে ১১ টা মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।দীঘলীআটি, খলিহামাৰী, কচুৱা আদৰ্শ গাঁও, শিলভেটা,বুঢ়া ৰজা গাঁও,আমচৈ কালি নগৰ,গছৰপৰা, ডালিমবাৰী শীতলডুবি, দাবলংআটি, লাওপানী আৰু বসুন্ধৰী গাৰনীপাৰত স্থাপন কৰে মডেল অংগনবাদী কেন্দ্ৰৰ আধাৰশিলা।
আধাৰশিলা কাৰ্যসূচীক কেন্দ্ৰ কৰি আগন্তুক লোকসভা নিৰ্বাচনত বাবে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনি প্ৰচাৰ চলোৱা পৰিলক্ষিত হ'ল। সুৰেশ বৰাক নগাঁৱৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজক আহ্বান জনাই বিধায়ক শশীকান্ত দাসে। মুখ্যমন্ত্ৰীৰ উন্নয়নমূলক কামৰ বাবেই ৰহাত বিজেপিয়ে বিপুল ভোট লাভ কৰিব বুলি দাবী কৰে বিধায়ক শশীকান্ত দাসে।
ইপিনে কংগ্ৰেছক সমালোচনা কৰি বৰ্তমান কংগ্ৰেছ দল গুৰিবঠাহীন নাও বুলি অভিহিত কৰি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰে। এইবাৰ লোকসভা নিৰ্বাচনত সংখ্যালঘু ভোটাৰেও বিজৰপিক ভোট দিব বুলি দাবী কৰি বিধায়কগৰাকীয়ে ৰহাত ৫০-৬০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপি আগবাঢ়িব বুলি মন্তব্য কৰে। আধাৰশিলা অনুষ্ঠানতে চাপৰমুখৰ এটা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অধীনত ২.৫ লাখ টকাৰ অনুদান আগবঢ়ায়।
Also Read: কঠীয়াতলীত গৰুচোৰক লৈ উত্তেজনা