মোডী জী, আপুনি যি ক'লেও আমি মণিপুৰৰ শান্তি ঘূৰাই আনিমঃ ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী মৰ্চাক লৈ কটাক্ষ কৰাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

author-image
Asomiya Pratidin
New Update
মোডী জী, আপুনি যি ক'লেও আমি মণিপুৰৰ শান্তি ঘূৰাই আনিমঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী মৰ্চাক লৈ কটাক্ষ কৰাৰ পাছতে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, ''আপোনাৰ যি মন কও, আমি ইণ্ডিয়া হয়''। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে বিৰোধী মৰ্চা ইণ্ডিয়াত তাচ্ছিল্য কৰি কৈছিল যে, 'ইণ্ডিয়া' নাম থাকিলেই একো নহয়। ইষ্ট ইণ্ডিয়া কোম্পানী, ইণ্ডিয়ান নিজামুদ্দিনতো 'ইণ্ডিয়া' নাম আছে।

Advertisment

ইয়াৰ প্ৰত্যুত্তৰতে টুইট কৰে ৰাহুল গান্ধীয়ে।তেওঁ কয় যে, ''আপুনি আমাক যি ক'লেও আমি ইণ্ডিয়া হয়। আমি মণিপুৰ, মহিলা আৰু শিশুসকলৰ চকুপানী মচিবলৈ সহায় কৰিম। আমি ৰাজ্যখনৰ প্ৰতিগৰাকী লোকৰ বাবে শান্তি আৰু প্ৰেম ঘূৰাই আনিম।আমি মণিপুৰত ভাৰতৰ ধাৰণাটো পুনৰ নিৰ্মাণ কৰিম''।

উল্লেখ্য যে, মোডীৰ উক্ত মন্তব্যৰ বিৰোধিতা কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেৰ লগতে অন্য নেতাইও কৰিছে। বিৰোধীয়ে সদনত মণিপুৰৰ বিষয়ে আলোচনাৰ দাবী কৰিছে। লগতে মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্ত্যৰ দাবী কৰিছিল। কিন্তু শাসকীয় পক্ষই কৈছিল যে, মণিপুৰ সন্দৰ্ভত মোডী নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিব।

Also Read: হাজাৰ কোটিটকা ব্যয়ৰে নিৰ্মাণ হোৱা সদনত সময় নাই মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ...

narendra modi rahul gandhi manipur