/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/0987b8d8-27c4-4b45-b929-ce8ac28fe1f4/AP_FOR_WEB_manipur.jpg)
ডিজিটেল ডেস্কঃ উত্তপ্ত পৰিস্থিতি সদনত। মণিপুৰৰ কাণ্ডৰ আলোচনাক লৈ উত্তাল হৈ পৰিছে সংসদ। লগে লগে দিনৰ ২ বজালৈ স্থগিত কৰা হ'ল সদনৰ কাম-কাজ। মণিপুৰৰ ঘটনাক লৈ শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত তীব্ৰ সংঘাতৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়।
বিৰোধীয়ে দাবী কৰিছে যে সদনত মণিপুুৰ সন্দৰ্ভত আলোচনা হ'ব লাগে। কিন্তু আকোৰ-গোজ শাসকীয় পক্ষই নকৰে কোনো আলোচনা। ৰাজ্যসভাতো নিৰন্তৰ হুলস্থুল চলি আছে। মণিপুৰৰ ওপৰত আলোচনাৰ নিয়ম আৰু প্ৰধানমন্ত্ৰীৰ উত্তৰক লৈ এক বিৰোধী সকলে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
বিৰোধীয়ে মণিপুৰৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ দাবী কৰিছে। কিন্তু চৰকাৰে কৈছে যে প্ৰধানমন্ত্ৰী নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ে মন্তব্য কৰিব।
চৰকাৰৰ এনে স্থিতিৰ মাজতে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে কয় যে আমি ইয়াত মণিপুৰৰ হিংসাৰ কথা কৈছো আৰু প্ৰধানমন্ত্ৰী মোডীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে কথা পাতি আছে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে আজি সদনৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ আগতে বিজেপিৰ সংসদীয় দলৰ বৈঠকত বিৰোধী দলসমূহক কটাক্ষ কৰি মন্তব্য কৰিছিল। তেওঁ কৈছিল যে মই আজিলৈকে এনে দিশহীন বিৰোধিতা কেতিয়াও দেখা নাই।
বিৰোধী মৰ্চা 'ইণ্ডিয়া'ক সমালোচনা কৰি মোডীয়েও কয় যে, কেৱল 'ইণ্ডিয়া' নামৰ দ্বাৰা একো নহয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়েও 'ইণ্ডিয়া' নাম লগাই লৈছিল। একেদৰে, ইণ্ডিয়ান মুজাহিদীনৰো নামতো 'ইণ্ডিয়া' শব্দ আছে।
আজি বৰ্ষাকালীন অধিবেশনৰ চতুৰ্থ দিন। কিন্তু আজিও সদনত এই সন্দৰ্ভত কোনো আলোচনা নহ'ল। বিৰোধীয়ে চৰ্চা নিয়ম ২৬৭ ৰ অধীনত মণিপুৰ সন্দৰ্ভত আলোচনা হোৱা বিচাৰে। কিন্তু চৰকাৰে ১৭৬ৰ অধীনত চৰ্চা কৰিব বিচাৰে। উল্লেখ্য যে, ২৬৭ নিয়মৰ অধীনত দেশৰ লগত জড়িত গভীৰ সমস্য সমূহৰ বিষয়ে সকলো কাম বাদ দি বেছি সময় আলোচনা চলে। তাত ভোট কৰিবও পাৰে। আনহাতে ১৭৬ ৰ অধীনত কোনো এটা বিষয়ত আঢ়ৈ ঘন্টা আলোচনা কৰিব পাৰে।
এয়া এক দুৰ্ভাগ্যজনক যে মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ সন্মত হোৱা নাই চৰকাৰে। হাজাৰ কোটি টকা খৰচ কৰি চৰকাৰে নিৰ্মাণ কৰিছিল নতুন সংসদ ভৱন। কিন্তু সেই ভৱনতেই এতিয়া মণিপুৰৰ বিষয়ে আলোচনা কৰিবলৈ চৰকাৰৰ সময় নাই। সদনৰ কাম এঘন্টা বন্ধ হ'লেই কোটি কোটি টকা খৰচ হয়। তেনেস্থলত বিৰোধী আৰু শাসকীয় পক্ষই কেৱল ব্যস্ত প্ৰত্যাক্ৰমণত।
কেইমাহমান পূৰ্বে উত্তৰপূৱক অষ্টলক্ষ্মী আখ্যা দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কৈছিল- উত্তৰ পূৱ দিল্লীৰ পৰা বেছি দূৰ নহয়। কিন্তু উত্তৰ পূৱৰ বেয়া সময়ত মোডীৰ মুখেৰে প্ৰায় ৭৯ পাছত ফুটিছিল কেইটামান শব্দ। এতিয়া পুনৰ নীৰৱ মোডী। একো মন্তব্য নকৰে মণিপুৰ সন্দৰ্ভত।
এমাহৰো অধিক কাল ধৰি জ্বলি আছে মণিপুৰ। শ শ মানুহৰ মৃত্য, লাখ লাখ ঘৰ জ্বলিল , ঘূণীয়া হ'ল বহুতো। ইয়াৰ মাজতে আছে মহিলাৰ ওপৰত অত্যাচাৰ। মহিলাক নগ্ন কৰি পেৰেড কৰা হ'ল মণিপুৰৰ ৰাজপথত, ধৰ্ষণ কৰাৰ অভিযোগ বহু মহিলাক কিন্তু ইমানৰ পাছতো শাসকীয় পক্ষৰ সময় নাই মণিপুৰৰ সন্দৰ্ভত আলোচনা কৰিবলৈ।
Also Read: চিৰাঙৰ বাসুগাঁৱত বহিঃৰাজ্যৰ দুই চিলনী চোৰক গণ প্ৰহাৰ...