ট্ৰাক চালকৰ 'মন কি বাত' শুনিবলৈ ৰাহুল গান্ধীৰ ট্ৰাক যাত্ৰা...

ট্ৰাক চালকৰ 'মন কি বাত' শুনিবলৈ ৰাহুল গান্ধীৰ ট্ৰাক যাত্ৰা...

author-image
Asomiya Pratidin
New Update
ট্ৰাক চালকৰ 'মন কি বাত' শুনিবলৈ ৰাহুল গান্ধীৰ ট্ৰাক যাত্ৰা...

ট্ৰাক চালকৰ 'মন কি বাত' শুনিবলৈ ৰাহুল গান্ধীৰ ট্ৰাক যাত্ৰা...

ডিজিটেল ডেস্কঃ দেশৰ জনসাধাৰণৰ মন জয় কৰিবলৈ আৰু জনসাধাৰণৰ বিভিন্ন সমস্যাৰ প্ৰত্যক্ষ ভাৱে জানিবলৈ ৰাহুল গান্ধীয়ে অব্যাহত ৰাখিছে জনসম্পৰ্ক ৰক্ষাৰ বিভিন্ন কাৰ্যসূচী। তাৰ মাজতে ৰাহুল গান্ধীয়ে আৰম্ভ কৰিলে ট্ৰাক যাত্ৰা।

Advertisment

সোমবাৰে নিশা ৰাহু গান্ধীয়ে ট্ৰাকেৰে আম্বালাৰ পৰা চণ্ডীগড়লৈ ৫০ কিলোমিটাৰ পথ ট্ৰাকেৰে যাত্ৰা কৰে। এই সময়ছোৱাত তেওঁ ট্ৰাকচালকসকলৰ সৈতে বিভিন্ন কথা পাতিছিল আৰু তেওঁলোকৰ সমস্যাৰাজিৰ বিষয়ে বুজাৰ চেষ্টা কৰিছিল।

এই যাত্ৰাৰ সময়ত ৰাহুল গান্ধীক দেখা গৈছিল চালকৰ আসনত। তেওঁ পুৱা ৫:৩০ বজাত আম্বালা চহৰৰ শ্ৰীমানজী চাহিব গুৰুদ্বাৰাত চলাই যোৱা ট্ৰাকখন ৰখাইছিল। ইয়াৰ পাছতে তেওঁ গুৰুদ্বাৰাত মূৰ দোৱাই আৰু কিছু কংগ্ৰেছ কৰ্মীৰ সৈতে মতবিনিয় কৰে। ইয়াৰ মাজতে গুৰুদ্বাৰাত লংগৰ প্ৰসাদো গ্ৰহণ কৰে।

ৰাহুল গান্ধীৰ এই ট্ৰাক যাত্ৰাৰ এটা ভিডিঅ'  কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। ইফালে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কংগ্ৰেছ দলে কয় যে, ভাৰতৰ পথত প্ৰায় ৯০ লাখ ট্ৰাক চালকে ট্ৰাক চলাই আছে।

এই সকলো ট্ৰাক চালকৰ নিজা নিজা সমস্যা আছে। ৰাহুল গান্ধীয়ে এই ট্ৰাক চালকসকলৰ 'মন কি বাত' শুনিবলৈ কাম কৰিছে। হাৰিয়ানা কংগ্ৰেছৰ এজন নেতাই এই সন্দৰ্ভত কয় যে, ৰাহুল গান্ধীয়ে ছোনিয় গান্ধীক লগ কৰিবলৈ চিমলাত উপস্থিত হৈছেগৈ।

ছোনিয়া গান্ধী বৰ্তমান চিমলাস্থিত প্ৰিয়ংকা গান্ধীৰ ফাৰ্মহাউচত আছে। কৰ্ণাটকৰ নিৰ্বাচনী ৰেলী সামৰি ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ১২ মে'ত আহি চিমলাৰ এই ফাৰ্ম হাউচত উপস্থিত হৈছে। তেতিয়াৰ পৰাই তেওঁলোক তাতে আছে।

Also Read: UPSC ৰ শীৰ্ষত ৪ মহিলাঃ 'TOP-25' ৰ ভিতৰত পুৰুষক চেৰাই মহিলাৰ আধিপত্য...

ৰাহুল গান্ধী কংগ্ৰেছ