ৰাহুল গান্ধীয়ে বিচাৰি উলিয়াইছে বিজেপিৰ দুৰ্বলতা! ক'লে, কেনেদৰে কৰিব পাৰি পৰাজয়...

আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাজয় কৰাৰ মন্ত্ৰ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

author-image
Asomiya Pratidin
New Update
টিভিত ২৪ ঘন্টা কেৱল মোডীক দেখুওৱা হয়, দেশৰ সমস্যাৰ বিষয়ে চৰ্চা নহয়ঃ ৰাহুল গান্ধী

modi, rahul

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাজয় কৰাৰ মন্ত্ৰ দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমেৰিকাত বাস কৰা ভাৰতীয় লোকসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে বিৰোধিক একত্ৰিত কৰাৰ কথা কয়। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ কথা উল্লেখ কৰি গান্ধীয়ে কয় যে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে কাম কৰি আছে আৰু সঠিক দিশত আগবাঢ়ি আছে।

মঙলবাৰে ছাণ্টা ক্ৰুজত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ চিলিকন ভেলী চৌহদত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি গান্ধীয়ে এই মন্তব্য কৰে। তেওঁ কয় যে, বিজেপিৰ দুৰ্বলতা তেওঁলোকে বিচাৰি উলিয়াইছে। যদি বিৰোধী একগোট হৈ কাম কৰে তেন্তে বিজেপিক পৰাজিত কৰিব পৰা যাব বুলি কয় কংগ্ৰেছ নেতা গৰাকীয়ে।

তেওঁ কয় যে, কৰ্ণাটক বিধানসভা নিৰ্বাচনত এক বেলেগ দৃষ্টিকোন গ্ৰহণ কৰি আগবাঢ়িছিল কংগ্ৰেছে। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ জয় যাত্ৰা কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰাৰ দ্বাৰা আৰম্ভ কৰিছিল।

এই সভাত কংগ্ৰেছ নেতা গৰাকীয়ে বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে ভাৰতৰ জনতাক ভয় ভাবুকি দি ৰাখিছে আৰু দেশৰ সংস্থা সমূহৰ বেয়া ব্য়ৱহাৰ কৰিছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে কংগ্ৰেছ নেতা গৰাকী আমেৰিকাত উপস্থিত হৈছিল। তেওঁ আমেৰিকাৰ সাংসদকো সাক্ষাত কৰে।

Also Read: মোডী চৰকাৰৰ আঁচনিৰ অধীনত ৫ কোটি পৰিয়াললৈ ৬১,৫০১ কোটি টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা

rahul gandhi narendramodi