মোডী চৰকাৰৰ আঁচনিৰ অধীনত ৫ কোটি পৰিয়াললৈ ৬১,৫০১ কোটি টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা

কেন্দ্ৰৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দেশৰ জনতাক ৬১,৫০১ কোটি টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰা হৈছে

author-image
Asomiya Pratidin
New Update
মোডী চৰকাৰৰ আঁচনিৰ অধীনত ৫ কোটি  পৰিয়াললৈ ৬১,৫০১ কোটি টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা

ডিজিটেল ডেস্কঃ কেন্দ্ৰৰ আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দেশৰ জনতাক ৬১,৫০১ কোটি টকাৰ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰা হৈছে। লগতে ৫ কোটি লোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এন এইছ এৰ তৰফৰ পৰা বুধবাৰে জাৰি কৰে এই তথ্য।

Advertisment

এন এইছ এ(National health authority) ৰূপায়ণ কৰা এই আঁচনিখনৰ অধীনত  মধ্যবিত্ত আৰু তৃতীয়স্তৰৰ প্ৰায় ১২ কোটি হিতাধিকাৰীৰ পৰিয়াল লাভান্বিত হৈছে।ইয়াৰ অধীনত এটা পৰিয়ালক প্ৰতি বছৰে ৫ লাখ টকা চিকিৎসাৰ বাবে প্ৰদান কৰা হয়।

উল্লেখ্য যে, এই আঁচনি দিল্লী, উৰিষ্যা আৰু পশ্চিম বংগৰ বাহিৰে দেশৰ প্ৰতিখন ৰাজ্যতে প্ৰযোজ্য হৈ আছে। এতিয়ালৈকে আঁচনিখনত ২৩.৩৯ কোটি হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। ২০২২-২৩ বৰ্ষত এই আঁচনিৰ অধীনত মুঠ ৰোগীৰ প্ৰায় ৫৬ শতাংশক ব্যক্তিগত চিকিৎসালয়ত আৰু ৪৪ শতাংশ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই আঁচনিত কৰ্কট ৰোগ, জৰুৰীকালীন, অৰ্থোপেডিক আৰু বৃক্কৰ দৰে গুৰুতৰ ৰোগো অন্তৰ্ভুক্ত কৰা হৈছে।

Also Read: ৰেচন কাৰ্ডৰ পৰা 'ডিজিটেল ড্ৰাইভিং লাইচেন্স'লৈ; কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

National Health Authority narendra modi