আপুনি ভাৰত মাতাক হত্যা কৰিছে, আপুনি দেশভক্ত নহয়, দেশদ্ৰোহীঃ ৰাহুল গান্ধী

আপুনি ভাৰত মাতাক হত্যা কৰিছে, আপুনি দেশভক্ত নহয়, দেশদ্ৰোহীঃ ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ সাংসদ পদ ঘূৰাই পোৱাৰ পাছতে সদনত এটাৰ পাছত আন এটা বিস্ফোৰণ মন্তব্য কৰি গৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মণিপুৰৰ ঘটনা সন্দৰ্ভত সৰৱ হৈ পৰিছে বিৰোধী। সদনৰ অধিৱেশনৰ প্ৰতিদিনেই মণিপুৰৰ ঘটনাক লৈ বিৰোধীয়ে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে।

বুধবাৰে মোডী চৰকাৰক কঠোৰ সমালোচনা কৰি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ ওপৰত চলি থকা আলোচনাৰ মাজতেই আজি মোডীক ৰাৱনৰ লগতো তুলনা কৰে ৰাহুল গান্ধীয়ে।

তেওঁঁ কয় যে, মানুহে মোক সুধিছিল যে আপুনি এই যাত্ৰা (ভাৰত জোড়ো যাত্ৰা) কিয় আৰম্ভ কৰিছিল? প্ৰথমে মইয়ো জনা নাছিলো এই যাত্ৰা মই কিয় আৰম্ভ কৰিছিলো। পিছত মই অনুভৱ কৰিছিলো যে মই দেশখনক বুজিবলৈ এটা যাত্ৰা আৰম্ভ কৰিছো। মই এয়াও জানিব বিচাৰিছিলো যে ১০ বছৰ ধৰি মোক কিয় গালি পাৰি থকা হৈছে।

দেশৰ কন্ঠ শুনিবলৈ আমি আমাৰ অহংকাৰ আৰু হিংসাভাৱ ত্যাগ কৰিব লাগিব। মোডীলৈ প্ৰশ্ন কৰি তেওঁ কয় যে, আমাৰ প্ৰধানমন্ত্ৰীয়ে মণিপুৰলৈ কিয় নগ'ল? তেওঁ অন্য ঠাই ঠিকেই ভ্ৰমণ কৰিছে। তেওঁ মণিপুৰলৈ নোযোৱাৰ কাৰণ হ'ল প্ৰধানমন্ত্ৰীয়ে মণিপুৰক ভাৰতৰ অংশ বুলি গন্য নকৰে।

গান্ধীয়ে কয়, "ভাৰত হৈছে এক কণ্ঠস্বৰ, হৃদয়ৰ কণ্ঠস্বৰ। আপুনি মণিপুৰত সেই কণ্ঠস্বৰ হত্যা কৰিছে। আপুনি মণিপুৰত ভাৰত মাতাক হত্যা কৰিছে। আপুনি বিশ্বাসঘাতক। মোৰ মা ইয়াত বহি আছে। আনগৰাকী মাতৃ মোৰ ভাৰত মাতা। আপুনি তেওঁক মণিপুৰত হত্যা কৰিছে। সেইকাৰণে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ ভ্ৰমণ নকৰে। আপুনি ভাৰত মাতাৰ ৰক্ষক নহয়, আপুনি তেওঁৰ হত্যাকাৰী।"

মণিপুৰক দুটা ভাগত বিভক্ত কৰি পেলালে। এই চৰকাৰৰ ৰাজনীতিয়ে মণিপুৰত ভাৰতক হত্যা কৰি পেলালে। মণিপুৰত মানুহক হত্যা কৰা হৈছে। আমি সেয়া এতিয়ালৈকে ৰোধ কৰিব পৰা নাই। আপুনি দেশভক্ত নহয়, দেশদ্ৰোহী হয় বুলি ৰাহুল গান্ধীয়ে তীব্ৰ কটাক্ষ কৰে।

আপুনি ভাৰত মাতাক হত্যা কৰিছে, আপুনি দেশভক্ত নহয়, দেশদ্ৰোহীঃ ৰাহুল গান্ধী
ডুমডুমাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটি কনমানিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in