/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/6f01a2a2-a5c5-4eec-bc8b-6ad37992e618/rahul_gandhi.jpg)
ডিজিটেল ডেস্ক: জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চাকিল আহমেদে বৃহস্পতিবাৰে কয় যে কংগ্ৰেছ দলে ২০২৪ চনৰ বিৰোধী মিত্ৰজোঁটৰ নেতৃত্ব দিব লাগে। লগতে চৰকাৰ গঠন হ'লে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব লাগে। বিৰোধী ঐক্যৰ সন্দৰ্ভত নিৰন্তৰ আলোচনা চলি থকাৰ মাজতে নেতা গৰাকীয়ে এই মন্তব্য কৰে।
তেওঁ কয় যে, দেশত দুটা ৰাষ্ট্ৰীয় দল আছে। এটা হৈছে ভাৰতীয় জনতা পাৰ্টি, আনটো কংগ্ৰেছ। তিনিখন ৰাজ্যত কংগ্ৰেছৰ নিজা চৰকাৰ আছে। আন তিনি-চাৰিখন ৰাজ্যক কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰৰ অংশ। কমেও ১০ খন ৰাজ্যত আমি মুখ্য বিৰোধী দল। প্ৰতিজন কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে ৰাহুল গান্ধীক দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাটো বিচাৰে আৰু প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে।
যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে তেওঁলোকৰ প্ৰধানমন্ত্ৰী থাকিব। কিন্তু যদি কংগ্ৰেছ আৰু বিৰোধিয়ে চৰকাৰ গঠন কৰে তেন্তে কংগ্ৰেছে ইয়াৰ নেতৃত্ব দিব লাগে আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব লাগে। এয়া হৈছে দেশ আৰু কংগ্ৰেছৰ জনসাধাৰণৰ অনুভূতি।
উল্লেখ্য যে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বিজেপিয়ে ব্লু প্ৰিন্ট তৈয়াৰ কৰাৰ বিপৰীতে কংগ্ৰেছেও চলাই গৈছে প্ৰস্তুতি। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ তথা বিৰোধী শক্তি সমূহ এক হোৱাৰ সম্ভাৱণা আছে।
Also Read: গুৱাহাটী যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি, দিলে নতুন দায়িত্ব...
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us