গুৱাহাটী যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি, দিলে নতুন দায়িত্ব...

অসম আৰক্ষীত ৰদবদল। গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি । দিলে নতুন দায়িত্ব।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি, দিলে নতুন দায়িত্ব...

ডিজিটেল ডেস্ক: অসম আৰক্ষীত ৰদবদল। গুৱাহাটী আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক বদলি কৰি প্ৰশাসনৰ উপ আৰক্ষী মহাপৰিদৰ্শক (ডিআইজি) হিচাপে নিযুক্তি দিয়া হৈছে।

Advertisment

পৰৱৰ্তী নিৰ্দেশলৈকে মহন্তই ডিআইজি (এডমিন) হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব। তেওঁক গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্তৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। অসম চৰকাৰৰ পৰা জাৰি কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে।

ইয়াৰ পূৰ্বে মহন্তক দৰমহা আৰু ভাট্টা আহৰণৰ উদ্দেশ্যে উপ আৰক্ষী মহাপৰিদৰ্শক (সশস্ত্ৰ আৰক্ষী) হিচাপে নিযুক্তি দিয়া হৈছিল। আজিৰ নিৰ্দেশত বিষয়া গৰাকীক ডিআইজি (এডমিন) হিচাপে নিযুক্তি দিয়ে ।

Also Read: বন্দনাৰ নৃশংস কাণ্ড! সন্ধান ওলাল নিৰুদ্দেশ হৈ থকা ভাড়াতীয়া ছাত্ৰৰ...

dig Assam police admm