বিপদৰ সময়ত দল এৰি বিদেশ ভ্ৰমণৰ বাবে সাজু ৰাহুল গান্ধী...

বিপদৰ সময়ত দল এৰি বিদেশ ভ্ৰমণৰ বাবে সাজু ৰাহুল গান্ধী...
বিপদৰ সময়ত দল এৰি বিদেশ ভ্ৰমণৰ বাবে সাজু ৰাহুল গান্ধী...

ডিজিটেল ডেস্কঃ বিপৰ্যয়ৰ সময়ত দলক সময় দিয়াৰ সলনি বিদেশ ভ্ৰমণলৈ সাজু হৈছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী (Rahul Gandhi)। ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল আহিল। পাঁচোখন ৰাজ্যতে ক্ষমতা দখল কৰিব পাৰিব বুলি দৃঢ় বিশ্বাসী হৈ থকা কংগ্ৰেছে কেৱল তেলেংগানাত বি আৰ এছৰ চৰকাৰক আঁতৰাই নিজা চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল যদিও বাকী চাৰিওখন ৰাজ্যতে পৰাস্ত হ'ল।

তেওঁলোকৰ হাতত থকা ৰাজস্থান আৰু ছত্তিশগড়ো বিজেপিয়ে দখল কৰিলে। মিজোৰামত মাত্ৰ এখন আসনেৰে অস্তিত্ব ৰক্ষা পৰিল। লোকসভা নিৰ্বাচনলৈ মাজত ৬ টা মাহো নথকা অৱস্থাত এনেদৰে দলটো বিপৰ্যয়ৰ সন্মুখীন হোৱাৰ সময়ত দলৰ কাষত থাকি কাৰ্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰাৰ বিপৰীতে ৰাহুল গান্ধী ওলাইছে বিদেশ ছফৰলৈ।

ইণ্ডোনেছিয়া, ছিংগাপুৰ, মালয়েছিয়া ছফৰলৈ সাজু কংগ্ৰেছৰ যুৱৰাজ

জানিব পৰা মতে ৮ ডিচেম্বৰত কংগ্ৰেছ সাংসদগৰাকী উপস্থিত হ'বগৈ ইণ্ডোনেছিয়াত। তাৰ পাছত ক্ৰমে ছিংগাপুৰ আৰু মালয়েছিয়ালৈ যাব। সূত্ৰ অনুসৰি ৮ ডিচেম্বৰত তেওঁ কুৱালালামপুৰত বিমানৰ জৰিয়তে অৱতৰণ কৰিব। তাত তেওঁ ১০ ডিচেম্বৰলৈ অতিবাহিত কৰিব।

ইয়াৰ পাছত তেওঁ যাব ছিংগাপুৰলৈ। ১২ ডিচেম্বৰলৈ ছিংগাপুৰত থকাৰ পাছত তাৰ পৰা চিধাই যাব জাকাৰ্তালৈ। এইদৰেই প্ৰায় এটা সপ্তাহ বিদেশত পাৰ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

সংসদৰ শীতকালীন অধিৱেশনো গুৰুত্বহীন !

৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা অন্ত পৰাৰ পাছতে আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন (Parliament winter session 2023)। শাসকীয় বিজেপি তথা বিৰোধী কংগ্ৰেছৰ বাবেও এই অধিৱেশন অতি গুৰুত্বপূৰ্ণ। কিয়নো সন্মুখত আছে লোকসভা নিৰ্বাচন।

৫ ৰাজ্যৰ ৩ খনতে বিজয় সাব্যস্ত কৰি বিজেপি সংসদত পূৰ্বতকৈ অধিক শক্তিশালী তথা আক্ৰমণাত্মক হৈ উঠিছে। প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তা বৃদ্ধি হোৱা বুলি উল্লেখ কৰি আকৌ এবাৰ মোডীৰ চৰকাৰ শ্ল'গান দিছে বিজেপিয়ে।

উত্তৰ ভাৰতত কংগ্ৰেছৰ এনে বিপৰ্যয়ে বিজেপিক অধিক আগ্ৰাসী কৰি যে তুলিব সেয়া নিশ্চিত। এনে পৰিস্থিতিত কংগ্ৰেছ দলত বহু কঠিন সিদ্ধান্ত লোৱা হ'ব বুলি অনুমান কৰা হৈছে। কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছতে কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতাক নেতৃত্বৰ পৰা আঁতৰাবলৈ প্ৰস্তুতি চলোৱা হৈছে।

এনে পৰিস্থিতিত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge)ক অকলশৰীয়া কৰি ৰাহুল গান্ধীয়ে বিদেশ যাত্ৰা কৰিব লোৱা বিষয়টো বহুতৰ বাবে আশ্চৰ্যকৰ। অনুমান কৰা হৈছিল এইবাৰো সংসদৰ অধিৱেশনত ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব। সেয়া কাৰ্যত পৰিণত নহ'ল।

বিপদত পৰিছে মল্লিকাৰ্জুন খাৰ্গেও

মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তিশগড়ত ক্ৰমে কমল নাথ, অশোক গেহলট আৰু ভূপেশ বাঘেলক কংগ্ৰেছে সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল। ৰাজ্যকেইখনত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি শীৰ্ষ নেতৃত্বক পতিয়ন নিয়াছিল এই তিনিজন নেতাই।

তেওঁলোকৰ ইচ্ছামতেই সকলো সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছিল। বহু সময়ত ইয়াকে লৈ দলটোৰ মাজত মতানৈক্যৰো সৃষ্টি হৈছিল। তাৰ পাছতো এই তিনি নেতাৰ কথা মতেই সকলো কৰিছিল শীৰ্ষ নেতৃত্বই।

কিন্তু ভোটগণনাত সকলো স্পষ্ট হৈ পৰিল। দৰাচলতে ৰাজ্য কেইখনত কংগ্ৰেছৰ ভেঁটি যে দুৰ্বল আছিল সেয়া প্ৰমাণ হ'ল। এই পৰাজয়ৰ বাবে তিনিওখন ৰাজ্যৰে কংগ্ৰেছ কৰ্মীয়ে এই তিনি নেতাকেই জগৰীয়া কৰিছে।

এনে প্ৰেক্ষাপটত তিনিওজন কংগ্ৰেছ নেতাকে তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি দি নতুনক দায়িত্ব দিয়াৰ কথা। এই সিদ্ধান্ত গ্ৰহণত ৰাহুল গান্ধীৰ ভূমিকা নিশ্চয়কৈ গুৰুত্বপূৰ্ণ।

কিন্তু শেষ মুহূৰ্তত সেই দায়িত্ব মল্লিকাৰ্জুন খাৰ্গেৰ কান্ধতে এৰি ৰাহুল দান্ধী যাবলৈ ওলাইছে বিদেশ ভ্ৰমণত। ইয়াৰ ফলত মল্লিকাৰ্জুন খাৰ্গেৰ ওপৰতো যে যথেষ্ট চাপ পৰিছে সেয়া নিশ্চিত। সূত্ৰ অনুসৰি ৰাহুলৰ এই সিদ্ধান্তত একেবাৰে সন্তুষ্ট নহয় মল্লিকাৰ্জুন খাৰ্গে।

পূৰ্ব নিৰ্ধাৰিত আছিল ৰাহুল এই ভ্ৰমণসূচী

পাঁচ ৰাজ্যৰ ভোটগণনাৰ পাছতে ৰাহুল গান্ধী বিদেশ ভ্ৰমণলৈ ওলাইছে যদিও অৱশ্যে এয়া তেওঁৰ আকস্মিক সিদ্ধান্ত নহয়। নিৰ্বাচনত পৰাজয়ৰ গ্লানি সহিব নোৱাৰি তেওঁ অৱসৰৰ কথা চিন্তা কৰি এইদৰে বিদেশ ভ্ৰমণলৈ ওলোৱা নাই।

এই ভ্ৰমণসূচী আছিল পূৰ্ব নিৰ্ধাৰিত। সেয়ে তেওঁ বিদেশ যাত্ৰাৰ বাবে সাজু হৈছে। অৱশ্যে তাৰ পাছতো দলৰ বিপৰ্যয়ৰ সময়ত দলটোৰ কাষত ৰাহুল গান্ধী থকাটো বিচাৰিছে দলীয় নেতা, কৰ্মীয়ে।

বিপদৰ সময়ত দল এৰি বিদেশ ভ্ৰমণৰ বাবে সাজু ৰাহুল গান্ধী...
ইণ্ডিয়া গোটৰ বৈঠক প্ৰত্যাখ্যান কৰি ছলমান খানৰে নৃত্য মমতা বেনাৰ্জীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in