ইণ্ডিয়া গোটৰ বৈঠক প্ৰত্যাখ্যান কৰি ছলমান খানৰে নৃত্য মমতা বেনাৰ্জীৰ...

ইণ্ডিয়া গোটৰ বৈঠক প্ৰত্যাখ্যান কৰি ছলমান খানৰে নৃত্য মমতা বেনাৰ্জীৰ...
ইণ্ডিয়া গোটৰ বৈঠক প্ৰত্যাখ্যান কৰি ছলমান খানৰে নৃত্য মমতা বেনাৰ্জীৰ...

ডিজিটেল ডেস্কঃ দেশৰ বিৰোধী ৰাজনৈতিক নেতাসকলৰ মন মেঘাছন্ন। ৫ ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ বিজয়ৰ পাছতে লোকসভা নিৰ্বাচনক লৈ সংকিত হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলবোৰ। তেনে অৱস্থাতে বলিউড অভিনেতা, অভিনেত্ৰীসকলৰ সৈতে একেখন মঞ্চত নৃত্যত মগ্ন হোৱা দেখা গ'ল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক।

কলকাতাত ছলমান খান, অনিল কাপুৰৰ সৈতে নাচিলে মমতা বেনাৰ্জীয়ে

আৰম্ভ হৈছে ২৯ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানতে মমতা বেনাৰ্জীক অৰিজিত সিঙৰ গানৰ তালে তালে ছলমান খানৰ উপৰিও অনিল কাপুৰ, সোনাক্ষী সিনহা, মহেশ ভাটৰ সৈতে নৃত্যত মগ্ন হোৱা দেখা গ'ল।

উল্লেখ্য যে, ২৯ সংখ্যক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শীৰ্ষ সংগীত মমতা বেনাৰ্জীৰ পৰিকল্পনাতে তৈয়াৰ কৰা হৈছে। এই শীৰ্ষ গীতত কণ্ঠদান কৰিছে অৰিজিত সিঙে। এই শীৰ্ষ গীতটোতে বলিউড তাৰকাসকলৰ সৈতে নৃত্য কৰিলে বংগৰ অগ্নিকন্যাই।

অৰিজত সিঙেও দেখুৱালে মহানুভৱতা

এইবাৰ কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ শীৰ্ষ গীতত কণ্ঠদান কৰিছে অৰিজিত সিঙে। এই শীৰ্ষ গীত মমতা বেনাৰ্জীৰ পৰিকল্পনাতে প্ৰস্তুত কৰা হৈছে।

তেওঁৰ মূল ভাৱ অনুসৰি গীতটো লিখিছে শ্ৰীজাত বন্দোপাধ্যায়ে। গীতটোৰ সুৰ কৰিছে ইন্দ্ৰদীপত দাসগুপ্তই।

ইয়াৰোপৰি দৃশ্যায়ন কৰিছে বিকাশ চাকীয়ে। ভাবানুবাদ কৰিছে সুদেশনা ৰয়ে। এই গীতটোত কণ্ঠদান কৰাৰ বাবে অৰিজিত সিঙে কোনোধৰণৰ পাৰিশ্ৰমিক অথবা মাননী নলৈ মাতৃভূমি বংগৰ প্ৰতি থকা তেওঁৰ প্ৰেম প্ৰদৰ্শন কৰিছে।

৫ ৰাজ্যত কংগ্ৰেছৰ বিপৰ্যয়ৰ পাছতে প্ৰত্যাখ্যান কৰিছে ইণ্ডিয়া গোটৰ বৈঠক

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছতে কংগ্ৰেছৰ বিপৰ্যয়ৰ দিশটো উন্মোচিত হৈছে। ইয়াৰ পাছতে বুধবাৰে কংগ্ৰেছে ইণ্ডিয়া গোটৰ এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে।

অৱশ্যে এই বৈঠকত ইণ্ডিয়া গোটৰ কেইবাজনো শীৰ্ষ নেতাই অংশগ্ৰহণ নকৰে বুলি ইংগিত প্ৰদান কৰিছে। ইয়াৰ মাজত অন্যতম অগ্নিকন্যা মমতা বেনাৰ্জীও।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী যদিও ৰাষ্ট্ৰীয় ৰাজনীতিত অতি প্ৰাসংগিক এই নেত্ৰীগৰাকীৰ ওচৰত বস্যতা স্বীকাৰ কৰিছে বিজেপিৰ দৰে শক্তিশালী শাসকীয় দলে। এইগৰাকী মমতা বেনাৰ্জী ইণ্ডিয়া গোটৰ অন্যতম প্ৰতিষ্ঠাপক।

সেয়েহে ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে মমতা বেনাৰ্জীকো প্ৰভাৱিত যে কৰিছে সেয়া সকলোৱে বুজি পাইছে। বিৰোধীৰ বাবে ধূসৰ হৈ পৰা এনে ৰাজৈনিতক পৰিস্থিতিৰ মাজতে বলিউডৰ ভাইজান হিচাপে খ্যাত ছলমান খান, অনিল কাপুৰ আদিৰ সৈতে নৃত্যত মগ্ন হ'ল মমতা বেনাৰ্জী। তেওঁক সংগ দিলে শত্ৰুঘ্ন সিনহায়েও।

ইণ্ডিয়া গোটৰ বৈঠক প্ৰত্যাখ্যান কৰি ছলমান খানৰে নৃত্য মমতা বেনাৰ্জীৰ...
এছিয়াৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মান আৰ্চাৰ শীতল দেৱীলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in