''জিন্নাৰ মুছলিম লীগক ৰাহুল গান্ধীয়ে 'ধৰ্মনিৰপেক্ষ' বুলি কোৱাতো দুৰ্ভাগ্যজনক''

এই ভ্ৰমণৰ সময়চোৱাত কংগ্ৰেছ নেতা গৰাকীয়ে এটাৰ পাছত আন আন এটা মন্তব্য কৰি শাসকীয় দলটোত আক্ৰমণ কৰি গৈছে।

author-image
Asomiya Pratidin
New Update
''জিন্নাৰ মুছলিম লীগক ৰাহুল গান্ধীয়ে 'ধৰ্মনিৰপেক্ষ' বুলি কোৱাতো দুৰ্ভাগ্যজনক''

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী বৰ্তমান আমেৰিকা ভ্ৰমণত আছে। এই ভ্ৰমণৰ সময়চোৱাত কংগ্ৰেছ নেতা গৰাকীয়ে এটাৰ পাছত আন এটা মন্তব্য কৰি শাসকীয় দলটোত আক্ৰমণ কৰি গৈছে।

Advertisment

বৃহস্পতিবাৰে ৱাশ্বিংটনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ 'মুছলিম লীগ'ক সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ বুলি কয়। কেৰেলাৰ মুছলীম লীগৰ লগত কংগ্ৰেছ একত্ৰিত হোৱা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত এই মন্তব্য কৰে তেওঁ।

গান্ধীয়ে কয় যে, ''মুছলিম লীগ সম্পূৰ্ণৰূপে ধৰ্মনিৰপেক্ষ দল। সাম্প্ৰদায়িক বুলিবলৈ একো নাই। মোৰ লাগিছে আপুনি (সংবাদকৰ্মী) মুছলিম লীগ সম্পৰ্কে অধ্যয়ন কৰা নাই''।

কংগ্ৰেছ নেতা গৰাকীৰ এই মন্তব্যৰ পাছতে ইয়াক লৈ উভতি ধৰিছে বিজেপিয়ে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে এই মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিছে। মন্ত্ৰী গৰাকীয়ে কয় যে, ''মহম্মদ জিন্নাৰ মুছলিম লীগৰ বাবে ধৰ্মৰ আধাৰত ভাৰত বিভাজন হৈছিল। গতিকে এই দলটো ধৰ্মনিৰপেক্ষ কেনেদৰে হ'ব পাৰে''।

আনহাতে বিজেপি নেতা অমিত মালবীয়ই কয় যে ''জিন্নাৰ মুছলিম লীগৰ বাবে ধৰ্মৰ আধাৰত ভাৰত বিভাজন হৈছিল। ৰাহুল গান্ধীৰ মতে সেইটো এটা ধৰ্মনিৰপেক্ষ দল। বুজিছো ৰাহুল গান্ধীৰ পঢ়া-লিখা ক'ম। এনে মন্তব্য কৰাতো তেওঁৰ বাবে বাধ্যবাধকতা''।

উল্লেখ্য যে, ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ কেৰেলাৰ এটা দল। এই দলটো কংগ্ৰেছ নেতৃত্ব কৰা ইউডিএফৰ সহযোগী।

Also Read: AEC ৰ সংবেদনশীল মানুহবোৰ...

congress rahul gandhi