AEC ৰ সংবেদনশীল মানুহবোৰ...

AEC ৰ সংবেদনশীল মানুহবোৰ...

মৃদুল কুমাৰ সন্দিকৈ

বহুতে কেৱল আলোচনা সমালোচনা কৰিলে। কাৰ,ক'ত,কি ভুল-শুদ্ধ সেইবোৰকলৈয়ে ব্যস্ত হৈ থাকিল। তাৰ মাজতে ১ জুন, ২০২৩ ত ৪ জনলোক গৈ উপস্থিত হৈছিলগৈ গুৱাহাটী মেডিকেল কলেজৰ আইচিইউ ব্লকত।

হাতত কিছু নগদ ধন আৰু চেক লৈ গৈছিল তেওঁলোকে। দলটোত আছিল দেৱৰ্ষি বৰুৱা , প্ৰতিভু দত্ত, অনিমেষ বৰা আৰু এজন। ইয়াৰে দেৱৰ্ষি বৰুৱা ২০০৮ বৰ্ষৰ, প্ৰতিভু দত্ত ১৯৯৪ বৰ্ষৰ আৰু অনিমেষ বৰা ২০০৯ বৰ্ষৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল।

এটা মহৎ লক্ষ্য আৰু সংবেদনশীল মন লৈ তেওঁলোক তালৈ গৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা নলবাৰীৰ মুকালমুৱাৰ মুজাম্মিল হক, মুকালমুৱা ৰামপুৰৰ ইউছুফ আলী আৰু বৰপেটা ভেল্লাৰ ৰাজীৱ আলীৰ আত্মীয়ক তেওঁলোকে লগ ধৰিলে।

২৮ মে', ২০২৩ ত সংঘটিত হৈছিল এক দুৰ্ভাগ্যজনক দুৰ্ঘটনা। এ এছ ০১ এফ কে ৯৬০৫ নম্বৰৰ স্কোৰপিঅ খনে প্ৰচণ্ডজোৰেৰে খুন্দা মাৰিছিল এ এছ ০১ জি চি ৮৮২৯ নম্বৰৰ বলেৰ পিকআপ ভেনখনত। সেই দুৰ্ঘটনাত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জনকৈ ছাত্ৰই প্ৰাণ হেৰুওৱাৰ লগতে আন ৩ জন ছাত্ৰ আহত আৰু বলেৰত থকা ড্ৰাইভাৰ, হেণ্ডিমেন, সহায়কাৰী তিনি ব্যক্তি ক্ৰমে- মুজাম্মিল, ইউছুফ আৰু ৰাজীৱ আহত হৈছিল গুৰুতৰভাৱে।

সকলোৱে এই শোকাবহ দুৰ্ঘটনাটোৰ পাছত বিভিন্ন ধৰণে ঘটনাৰাজিক পষ্টমৰ্টেম কৰিছিল। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মৃত ছাত্ৰ, আহত ছাত্ৰ সকলৰ খবৰ ৰাখিছিল। কিন্তু এই দুৰ্ঘটনাত আহত বলেৰ খনত থকা ৩ ব্যক্তিৰ খবৰ ৰখাৰ যেন অৱকাশ নাছিল।

দৰিদ্ৰতাই কোঙা কৰা ৩ জন আহত ব্যক্তিৰ চিকিৎসাৰ দায়িত্ব প্ৰশাসনে ল'লেও আন আৰ্থিক সমস্যাই তেওঁলোকৰ পৰিয়ালক কোঙা কৰি ৰাখিছে। দুই একে অৱশ্যে সেই খবৰৰ কোনোবাই ৰাখিছেনে বুলি প্ৰশ্ন কৰিয়েই দায়িত্ব সামৰিছে।

জি এম চি এইচলৈ যোৱা ৪ জনীয়া প্ৰাক্তন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰই ৰাজীৱ আলীৰ ভগ্নী আৰু আন দুজন আহত ব্যক্তি ক্ৰমে-ইউছুফ আৰু মুজাম্মিলৰ পত্নীৰ হাতত তুলি দিলে সহায়ৰ কিছু হাত।

প্ৰত্যেকটো পৰিয়ালত ২০ হাজাৰ টকাকৈ নগদ আৰু ৯৮ হাজাৰ টকাকৈ চেকসহ মুঠ ১ লাখ ১৮ হাজাৰ টকাকৈ তেওঁলোকে প্ৰদান কৰিলে। তেওঁলোকৰ এই মহানুভৱতা আৰু সহায় লাভ কৰি চকু চলচলীয়া হৈ পৰিছিল দুৰ্ভগীয়া পৰিয়ালকেইটাৰ আত্মীয়।

৩ বছৰীয়া সন্তানক লৈ স্বামীক চিকিৎসালয়ত চোৱা-চিতা কৰি থকা মহিলা এগৰাকীয়ে কৈছিল-হাতত থকা টকাকেইটা শেষ হৈ গৈছিল। কেনেকৈ চলিব তাৰ চিন্তাতেই তেওঁ ভাগি পৰিছিল। ভাত-কাপোৰৰ কথা বাদ এতিয়া চিকিৎসালয়ৰ পৰা কেনেকৈ মানুহজনক সুস্থ কৰি ঘৰলৈ নিব পাৰে সেই চিন্তাতে তেওঁ মগ্ন।

দুৰ্ঘটনাটো সংঘটিত হৈ যোৱাৰ পাছত কোনোবাই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ গাত দোষ, আন কোনোবাই চৰকাৰক গালি আৰু কিছু সংখ্যকে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ প্ৰতি প্ৰশ্ন তুলিছিল। এই মহাবিদ্যালয়খনত অধ্যয়ন কৰি যোৱা প্ৰতিখন ছাত্ৰ-ছাত্ৰীৰে আৱেগ জড়িত হৈ আছে এ আই চিৰ প্ৰতি। সহস্ৰজনৰ সমালোচনাৰ মাজতো তেওঁলোকৰ কেইজনমানে এই সকলোবোৰৰ পৰা আঁতৰি আহি এটা কথা চিন্তা কৰিছিল।

সেয়া আছিল এক সংবেদনশীল চিন্তা। ফেচবুকত থকা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এটা গ্ৰুপৰ পৰা আলোচনা আৰম্ভ হৈছিল কথাবোৰৰ। তাৰ পাছত সেই আলোচনাক সকাৰৰূপ দিবলৈ কাৰ্যত নামি পৰিছিল দেৱৰ্ষি বৰুৱা, প্ৰতিভু দত্ত আৰু অনিমেশ বৰা।

কিন্তু কেনেকৈ আগবাঢ়িব তাৰ ওপৰতো চলিল আলোচনা। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ গ্ৰুপটোত প্ৰায় ৯ হাজাৰমান সদস্য় আছে।এজনে প্ৰস্তাৱ দিলে এই সকল সদস্যৰ মাজৰ পৰাই সাধ্য অনুসৰি যি দান তুলিব পৰা যায় তাৰেই সহায় কৰিব সেইদিনা দুৰ্ঘটনাতপতিত হোৱা বলেৰখনৰ লোক ৩ জনক।

লক্ষ্য লৈছিল তেওঁলোকে ১ লাখ টকা। সেই টকা উঠিলেই ৩ জনক ভগাই দিব। কিছু হ'লেও সকাহ পাব। লাগি গৈছিল অসম অভিযান্ত্ৰিক প্ৰাক্তন ছাত্ৰ দেৱৰ্ষি বৰুৱা, প্ৰতিভু দত্ত আৰু অনিমেশ বৰাই। ইয়াৰ বাবে খুলি ললে এটা হোৱাটছএপ গ্ৰুপ। নিৰ্ধাৰণ কৰি দিলে সময়।

দেৱৰ্ষি বৰুৱাৰ ভাষাত- ''আমাৰ এই আহ্বানৰ প্ৰতি ইমানেই সঁহাৰি আহিল যে আমি প্ৰায় ২৮ ঘন্টাত ৩.৫৪ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হলো। প্ৰাক্তন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, শিক্ষক, প্ৰাক্তন শিক্ষক, বৰ্তমানৰ ছাত্ৰ সকলোৱে হাত উজান দিয়ে এই কাৰ্যত। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায় কৰাৰ লগতে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, ইংলেণ্ড আদিৰ পৰাও আহিল সাহায্য। সেই ধনেই আমি তেওঁলোকক ১.১৮ লাখ টকাকৈ প্ৰদান কৰিলো''।

এই প্ৰচেষ্টাত অংশীদাৰ হ'ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা বহু ছাত্ৰ-ছাত্ৰী। আনকি প্ৰথম বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰইও তেওঁলোকৰ হাত খৰছৰ পৰা তেওঁলোকৰ বাবে দান কৰিলে।তেওঁলোকৰ আহ্বান আছিল ২৮ মে' নিশা জালুকবাৰীত সংঘটিত দুৰ্ঘটনাত পিকআপ ভেনৰ যিসকল আৰোহী আহত হ'ল তেওঁলোকৰ বাবে সাহায্য সংগ্ৰহ।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে সেই ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল যদিও অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, শিক্ষক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলোৱে ইয়ালৈ সহযোগ আগবঢ়োৱাত তেওঁলোকে ইয়াক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষ্টেক হ'লডাৰ্চ কমিউনিটিৰ নামত এই মহৎ কাম সম্পূৰ্ণ কৰিলে।

অতি নীৰৱে এই কাম হৈ গ'ল। নাই কোনো খবৰ বা বাতৰিৰ শীৰ্ষত । এই কামৰ সৈতে জড়িত হৈ থকা প্ৰতিভু দত্তই জনালে হঠাৎ আমি এই কাম আৰম্ভ কৰিলো আৰু হঠাৎ সেৱা প্ৰদান কৰা হ'ল।

১৯৭৫ চনতেই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা পাছ কৰি যোৱা প্ৰাক্তন ছাত্ৰও ইয়াৰ সহযোগী হ'ল। ৩১ মে' ২০২১ ৰ পৰা আৰম্ভ কৰা এই প্ৰচেষ্টাই ৩ টা পৰিয়ালক যথেষ্ঠ সকাহ দিলে মাত্ৰ ২৮ ঘন্টাত।

প্ৰতিভু দত্তই ক'লে মানুহে আমাৰ আৰ্থিক অনুদান আগবঢ়োৱা প্ৰক্ৰিয়াটো শেষ হোৱাৰ পাছতো অনলাইনৰ জৰিয়তে টকা দিয়েই আছে। আৰু যিখিন টকা সংগ্ৰহ হয় , সেইখিনি টকা তেওঁলোককেই দিয়া হ'ব। কাৰণ মানুহে তেওঁলোকৰ বাবে এই টকা আগবঢ়াইছে।

যিটো বেংক একাউন্টত সেই ধন জমা হৈছিল সেই ধনৰ হিচাপ ৩জন পৰীক্ষকৰ হতুৱাই কৰাইছে তেওঁলোকে। কোনো খেলি-মেলি ৰাখি যাব নোখোজে। প্ৰয়োজনত সেই বেংক একাউন্টটোত জমা হোৱা ধন পৰিয়াল ৩ টাক দি একাউন্টটো ফ্ৰীজ কৰি দিয়াৰ কথাও ভাৱিছে।

প্ৰায় ৩ হাজাৰৰো অধিকলোকে সহায় কৰিলে এই প্ৰচেষ্টাত। শেষৰফালে বিভিন্ন মাধ্যমত তেওঁলোকৰ এই উদ্যোগৰ কথা প্ৰচাৰ হোৱাত আন সাধাৰণ লোকেও দান আগবঢ়াইছে।

মানুহৰ বাবে মানুহে এনেকৈয়ে ভাৱে এতিয়া। কাৰোবাক সৰলীকৰণ কৰি দোষ জাপি দিয়া মানুহবোৰৰ প্ৰতি যেন এয়া এক প্ৰত্যুত্তৰ। বেয়া কামবোৰ, বেয়া কথাবোৰ আমি আলোচনা কৰো, সমালোচনা কৰো। ভাল কথাবোৰৰো আলোচনাৰ প্ৰয়োজন। অৱশ্যে প্ৰচাৰৰ আশাত এই কাম তেওঁলোকে কৰা নাছিল। সংবেদনশীল মনৰ কোনোবা একোনত জাগ্ৰত হোৱা মানৱতাই তেওঁলোকক এইকাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।

AEC ৰ সংবেদনশীল মানুহবোৰ...
লাগে নেকি চৰকাৰী চাকৰি, ৰমাকান্তই লিখি দিব মুখ্যমন্ত্ৰীলৈ চিঠি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in