জনতাৰ জনাদেশ বিনম্ৰতাৰে মানি ল'লে ৰাহুল গান্ধীয়ে...

জনতাৰ জনাদেশ বিনম্ৰতাৰে মানি ল'লে ৰাহুল গান্ধীয়ে...

author-image
Asomiya Pratidin
New Update
জনতাৰ জনাদেশ বিনম্ৰতাৰে মানি ল'লে ৰাহুল গান্ধীয়ে...

জনতাৰ জনাদেশ বিনম্ৰতাৰে মানি ল'লে ৰাহুল গান্ধীয়ে...

ডিজিটেল ডেস্কঃ অৱশেষত মুখ খুলিলে ৰাহুল গান্ধীয়ে। ৩ ডিচেম্বৰৰ পুৱা ৮ বজাৰ ভোটগণনা আৰম্ভ হোৱাৰ পাছৰে পৰা কংগ্ৰেছৰ বিপৰ্যয়ৰ ছবিখন স্পষ্ট হৈ পৰিছিল।

Advertisment

ইয়াৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া ক'তো দেখা পোৱা নাছিল। অৱশেষত সন্ধিয়া ঠিক ৫-১৬ বজাত এক্সৰ জৰিয়তে তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ৪ খনতে জয় লাভ কৰিব বুলি নিশ্চিত হৈ থকা ৰাহুল গান্ধীৰ অংকত যে খেলিমেলি আছিল সেয়া আজিৰ ভোটগণনাত স্পষ্ট হৈ পৰিছে। আজি ভোটগণনা চলি থকা চাৰিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু ছত্তিশগড়ৰ ভিতৰত তেলেংগানাক বাদ দি বাকী তিনিওখনতে পৰাজিত হোৱাটো নিশ্চিত হৈ পৰিছে। ইয়াৰে ছত্তিশগড় আৰু ৰাজস্থানত আছিল কংগ্ৰেছৰ চৰকাৰ।

ভাৰত জোড়ো যাত্ৰাৰ পাছতে অধিক আত্মবিশ্বাসী হৈ পৰা ৰাহুল গান্ধীৰ বাবে এই পৰাজয় নিশ্চয়কৈ শুভলক্ষণ নহয়। কিয়নো সন্মুখত আছে লোকসভাৰ নিৰ্বাচন।

এক্সত আজি কংগ্ৰেছ নেতাগৰাকীয়ে লিখিছে,মধ্যপ্ৰদেশ, ছত্তিশগড় আৰু ৰাজস্থানৰ জনাদেশক আমি বিনম্ৰতাৰে স্বীকাৰ কৰিছো- বিচাৰধাৰাৰ যুঁজ অব্যাহত থাকিব।

ইয়াৰোপৰি তেওঁ তেলেংগানা প্ৰসংগত লিখিছে, তেলেংগানাৰ জনসাধাৰণক মোৰ বহুত ধন্যবাদ- প্ৰজালু তেলেংগানা নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি আমি নিশ্চয় পূৰণ কৰিম।

তেওঁ সকলো কাৰ্যকৰ্তাকে তেওঁলোকৰ কষ্ট আৰু সমৰ্থনৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে।

Also Read: ঘোষণা হ'ল ছত্তিশগড়ৰ ৮ খন আসনৰ ফলাফল...

ৰাহুল গান্ধী বিধানসভা নিৰ্বাচন