কৃষক আন্দোলনৰ মাজত ৰাহুল গেৰাণ্টিঃ বিজেপিৰ প্ৰশ্ন, কৃষকৰ উত্তৰ...

প্ৰতিশ্ৰুতি পালন নকৰিলে মোডী চৰকাৰে
কৃষক আন্দোলনৰ মাজত ৰাহুল গেৰাণ্টিঃ বিজেপিৰ প্ৰশ্ন, কৃষকৰ উত্তৰ...
কৃষক আন্দোলনৰ মাজত ৰাহুল গেৰাণ্টিঃ বিজেপিৰ প্ৰশ্ন, কৃষকৰ উত্তৰ...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে যোৱা কেইবাটাও দিনত কেন্দ্ৰীয় চৰকাৰে কেইবাজনো ব্যক্তিলৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন ঘোষণা কৰিছিল। ইয়াৰ ভিতৰত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধৰী চৰন সিং আৰু সেউজ বিপ্লৱৰ জনক এম এস স্বামীনাথন।

বিজিপিয়ে ইয়াৰ দ্বাৰা বুজবালৈ চেষ্টা কৰিছিল তেওঁলোক দেশৰ কৃষকৰ লগত আছে। কৃষকক প্ৰাপ্য সন্মান দিছে। কিন্তু সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথনেই ঠিক কৰা ফচলৰ নূন্যতম সমৰ্থিত মূল্য বা এম এছ পিৰ সন্দৰ্ভত শাসকীয় চৰকাৰৰ স্থিতিক লৈ অসন্তুষ্ট দেশৰ কৃষকসকল।

এম এছ স্বামীনাথনলৈ ভাৰত ৰত্ন আগবঢ়োৱাৰ এটা সপ্তাহৰ পাছতেই এতিয়া দেশৰ ৰাজধানীত কেইবাখনো ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে এম এছ পিৰ আইনী গেৰাণ্টি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। সন্মুখীন হৈছে দিল্লী আৰক্ষীৰ বিভিন্ন শাৰীৰিক নিৰ্যাতন। কন্দুৱা গেছ, পানী হিলৈ, ৰবৰ বুলেট নিক্ষেপ কৰি এফালৰ পৰা প্ৰহাৰ কৰিছে কৃষকসকলক। ৰাজপথত বেৰকিড তৈয়াৰ কৰাৰ উপৰিও পথৰ মাজত পুতি দিছে গজাল।

ইয়াৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰিলে ইণ্ডিয়া গোটৰ চৰকাৰ গঠন হ'লে স্বামীনাথন কমিচনৰ পৰামৰ্শ অনুসৰি এম এছ পিৰ আইনী নিশ্চয়তা প্ৰদান কৰিব। ইয়াৰ পিছতে বিজেপিয়ে ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

অৱশ্যে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ পৰাই কৃষকক এম এছ পি আইনৰ গেৰাণ্টি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে। ন্যায় যাত্ৰাৰ মাজতে ছত্তিশগড়ৰ অম্বিকাপুৰত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে জনসভাত কৃষকক উদ্দেশ্যি কেতবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

ৰাহুল গান্ধীয়ে কৈছে, এম এছ পি আইন কাৰ্যকৰী হ'লে কৃষকৰ জীৱনলৈ তিনিটা পৰিৱৰ্তন আহিব। কৃষকসকলে শস্যৰ বাবে সঠিক মূল্য লাভ কৰিব আৰু ঋণৰ বোজাৰ পৰা অব্যাহতি পাব। ইয়াৰোপৰি কোনো কৃষকে আত্মহত্যাৰ পথ ল'ব নালাগে আৰু কৃষি এক লাভজনক ব্যৱসায় হৈ পৰিব। ফলত দেশৰ ১৫ কোটি কৃষক সমৃদ্ধিশালী হ'ব।

ৰাহুলৰ এই মন্তব্যৰ পাছতে বিজেপিয়ে তেওঁক উভতি ধৰিছে। বিজেপিৰ প্ৰশ্ন- স্বামীনাথন কমিচনৰ পৰামৰ্শ ইউ পি এ চৰকাৰৰ সময়ত কাৰ্যকৰি কিয় হোৱা নাছিল? কৃষি মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশিত তথ্যৰ কথা উল্লেখ কৰি কয়, ২০১৮-১৯ বৰ্ষৰ পৰা মোডী চৰকাৰে খেতিৰ বাবে ব্যয়ৰ ১.৫ গুণ এম এছ পি নিৰ্ধাৰণ কৰিছে।

২০১৩-১৪ বৰ্ষৰ তুলনাত ২০২৩-২৪ বৰ্ষত ধানৰ এম এছ পি ৬৭ শতাংশ বৃদ্ধি পাইছে। আনহাতে ঘেঁহুৰ এম এছ পি ৬২ শতাংশ বৃদ্ধি পাইছে। বিজেপি চৰকাৰ যুক্তি- কেন্দ্ৰীয় চৰকাৰে এম এছ পিত চাউল, ঘেঁহু, মাহজাতীয় শস্য, তৈলবীজৰ দৰে পাঁচ বিধ শস্য ক্ৰয় কৰিবলৈ প্ৰায় ২.২৫ লাখ কোটি টকা ব্যয় কৰে। চৰকাৰে এম এছ পিৰ আইনী গেৰাণ্টি প্ৰদান কৰিবলৈ এই শস্যবোৰ ক্ৰয় কৰিব লাগিব। ইয়াৰ বাবে ব্য়য় হ'ব ১০ লাখ কোটি টকা।

বিজেপিয়ে ৰাহুল গান্ধীক সমালোচনা কৰি এই তথ্য দাখিল কৰাৰ পিছতে কৃষক সংগঠনসমূহো মৌন হৈ থকা নাই। তেওঁলোকৰ বিজেপি চৰকাৰক উভতি ধৰিছে। কৃষক সংগঠনসমূহে কয়, ২০২১ ৰ পৰা দিল্লীৰ সীমান্তত ১ বছৰ ধৰি কৃষকে কৰা আন্দোলনৰ পাছত মোডী চৰকাৰে এম এছ পিৰ বাবে আইনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতিৰ দুবছৰতকৈ অধিক সময় পাৰ হৈ গ'ল কিন্তু মোডী চৰকাৰে আজিও একো নকৰিলে। মোডী চৰকাৰে উদ্যোগপতিসকললৈ ৰঙা দলিচা পাৰি দিছে। কিন্তু কৃষকৰ বাবে পথত গজাল পুতিচে আৰু কাঁইটীয়া তাঁৰৰ বেৰ দিছে।

কৃষক আন্দোলনৰ মাজত ৰাহুল গেৰাণ্টিঃ বিজেপিৰ প্ৰশ্ন, কৃষকৰ উত্তৰ...
চিলাপথাৰত গুমৰাগ আৰু ঐনিতমৰ সুৰত মুখৰিত চৌদিশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in