চিলাপথাৰত গুমৰাগ আৰু ঐনিতমৰ সুৰত মুখৰিত চৌদিশ...

চিলাপথাৰত গুমৰাগ আৰু ঐনিতমৰ সুৰত মুখৰিত চৌদিশ...
চিলাপথাৰত গুমৰাগ আৰু ঐনিতমৰ সুৰত মুখৰিত চৌদিশ...

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিলাপথাৰ অঞ্চলতো উদযাপন কৰা হৈছে আলি আ:য়ে লৃগাং ৷ ঐনি:তমৰ মাতত মতলীয়া হৈ পৰিছে ডেকা গাভৰু। নৈপৰীয়া ভাঙিডিয়াত উৎসৱৰ বন্যা।

এই দৃশ্য চিলাপথাৰৰ অঞ্চলৰ মিছিং অধ্যুষিত ভাঙিদিয়াৰ। চিচি টঙানিৰ ভাঙিদিয়াত পাঁচখন আঞ্চলিকে যৌথভাৱে অতি উলহ-মালহৰে উদযাপন কৰা হৈছে আলি আঃয়ে লৃগাং

গুমৰাগ আৰু ঐনিতমৰ ধ্বনিত মুখৰ হৈ পৰিছে চৌপাশ । গুমৰাগ আৰু ঐনিতমৰ তালে তালে শিশু, ডেকা-গাভৰুৰ পৰা বৃদ্ধ- বনিতালৈকে সকলোৱে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে ৷

গাঁৱৰ মুৰং ঘৰত দেখা পোৱা গৈছে মিচিং জনগোষ্ঠীৰ ডেকা-গাভৰু বোৱাৰী সকলৰ সীমাহীন ব্যস্ততা। মুৰং ঘৰত মিচিং জনগোষ্ঠীয় জীয়ৰী বোৱাৰীসকলে হেপাঁহৰ আলি আঃয়ে লৃগাং উপলক্ষত ছাইমদ আৰু সুস্বাদু পুৰাং আপিনৰে আপ্যায়ন চলিছে বিভিদ খাদ্য সম্ভাৰৰ সোৱাদ ল’বলৈ মিচিং জনগোষ্ঠীয় লোক মুৰং ঘৰত ভিৰ কৰাৰ পৰিলক্ষিত হয় ।

এনেদৰে বুধবাৰৰ পূৱা ভাগৰ পৰাই নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰা দেখা গ'ল কৃষিজীৱি চহা ৰাইজ। চিলাপথাৰৰ বিভিন্ন প্ৰান্তত ৰাইজে উদযাপন কৰিছে হেঁপাহৰ আলি আ:য়ে লৃগাঙ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in