ৰাহুল গান্ধীয়ে ক'লে, 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত কিয় পিন্ধা নাছিল চুৱেটাৰ...

ৰাহুল গান্ধীয়ে ক'লে, 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত কিয় পিন্ধা নাছিল চুৱেটাৰ...

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ সময়ত এক সভা সম্বোধন কৰে।এই সময়ত তেওঁ যাত্ৰাৰ সময়ত লগ পোৱা চাৰিটা শিশুৰ কাহিনী বৰ্ণনা কৰে

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ সময়ত এক সভা সম্বোধন কৰে।এই সময়ত তেওঁ যাত্ৰাৰ সময়ত লগ পোৱা চাৰিটা শিশুৰ কাহিনী বৰ্ণনা কৰে । তেওঁ কয় যে তেওঁলোক ভিক্ষাৰী আছিল আৰু চুৱেটাৰ পৰিধান কৰা নাছিল। জাৰত কঁপি আছিল। তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হৈ যাত্ৰাৰ সময়ত মই চুৱেটাৰ পিন্ধা নাছিলো।

ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত এই মন্তব্য প্ৰদান কৰে। গান্ধীয়ে কয় যে ''মই লৰা ছোৱালী কেইটাক দেখি ভাবিছিলো যে তেওঁলোকে ভোকতো আছিল। তেওঁলোকে গৰম কাপোৰ পিন্ধা নাই গতিকে মইও পিন্ধিব নালাগে''।

ৰাহুল গান্ধীয়ে শ্ৰীনগৰৰ লাল চকত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল । দেওবাৰে ভাৰত জোড়ো যাত্ৰা কেন্দ্ৰীয় শাসিত অঞ্চলত অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছিল।

আৰু পঢ়ক: অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতাৰে উত্তাল গহপুৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in