অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতাৰে উত্তাল গহপুৰ

বিটিআৰত অনা বড়ো গাঁও অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰে গহপুৰৰ কাউৰীপথাৰ।
অবড়ো গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতাৰে উত্তাল গহপুৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰ:-বিটিআৰত অনা বড়ো গাঁও অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰে গহপুৰৰ কাউৰীপথাৰ। বিটিআৰৰ সম্প্ৰসাৰণক লৈ শেহতীয়াভাবে প্ৰকাশ পোৱা কেইবাখনো গাঁৱৰ নাম আৰু জনগাঁথনি সম্বলিত তালিকাক লৈ উত্তাল হৈ পৰিছে বৃহত্তৰ কাউৰীপথাৰ অঞ্চল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৮০ শতাংশ বড়ো লোক থকা গাঁওহে বি টি আৰলৈ হস্তান্তৰ হ'ব বুলি ৰাজহুৱাকৈ কৈছিল। ইয়াৰ বিপৰীতে গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ কাৰিবিল আৰু টকৌবাৰী গাঁও পঞ্চায়তৰ একাধিক গাঁৱৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ এখন ওলোটা ছৱিহে পৰিস্ফুট হৈছে। প্ৰকাশিত তালিকাখনত কাৰিবিল আৰু টকৌবাৰী গাঁও পঞ্চায়তৰ মুঠ ১১ খন ৰাজহ গাঁৱত সম্পূৰ্ণ ভুল তথ্যৰে এশ শতাংশ বড়ো লোক থকা বুলি লিপিবদ্ধ কৰা হৈছে । ইয়াৰ দ্বাৰা অবড়ো লোকসকলক কাগজ কলমে অস্তিত্বহীন কৰি উক্ত গাঁও কেইখনক চক্ৰান্ত মুলক ভাৱে বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ কৌশল অবলম্বন কৰা দেখা গৈছে।

তালিকাখনত প্ৰকাশ পোৱা তথ্য অনুসৰি কাৰিবিল গাঁও পঞ্চায়তৰ দুলুং মুখত ৯১ গৰাকী, ভেলুৱাডাঙাত ৬০৪,কাৰিবিল নেপালীত ১৬৪,ননকে কাৰিবিলত ১৩৮,হেলেম চাপৰিত ৩৬৫,চিৰাজুলিত ২১৯,কেমাইজাৰণিত ১৮০,উত্তৰ কাৰিবিলত ৪০৬,কাৰিবিলত ৯৯,কাৰিবিল কছাৰীত ৬২১ আৰু টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাজান গাঁৱত ৪৮২ গৰাকী বড়ো লোক থকা বুলি উল্লেখ থকাৰ বিপৰীতে উক্ত গাঁও ১১ খনত এজনো অবড়ো লোক নাই বুলি উল্লেখ কৰা হৈছে।যিটো তথ্য সম্পূৰ্ণ ৰূপে ভুল বুলি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে।

এইক্ষেত্ৰত ৰাইজে সংবাদ মাধ্যমৰ আগত কয় যে উক্ত ১১ খন গাঁৱৰ প্ৰতিখনতে অবড়ো লোকৰ প্ৰাধান্য আছে।এইক্ষেত্ৰত বৃহত্তৰ অঞ্চলটোৰ অবড়ো ৰাইজে কৰা গণনা অনুসৰি সাতামপুৰুষীয়া ঐক্য সম্প্ৰীতিৰে বসবাস কৰি অহা বিভিন্ন ভাষা-ভাষীৰ অবড়ো লোকে সংখ্যাগৰিষ্ঠতা পাই অহা উক্ত ১১ খন ৰাজহ গাঁৱৰ দুলুং মুখত প্ৰায় ৩৫ শতাংশ, ননকে কাৰিবিলত ১৮ শতাংশ, উত্তৰ কাৰিবিলত ৪০ শতাংশ, কাৰিবিলত °০৫ শতাংশ,কাৰিবিল কছাৰীত ৩৫ শতাংশ বড়ো সম্প্ৰদায়ৰ লোক আছে।

তথ্য অনুসৰি উক্ত গাঁও সমূহৰ ভিতৰত ভেলুৱাডাঙা,কাৰিবিল নেপালী, হেলেম চাপৰি, চিৰাজুলি আৰু কেমাইজাৰণিত এজনো বড়ো সম্প্ৰদায়ৰ লোক নাই।কাগজে কলমে উক্ত গাঁও পাঁচখনত বড়ো সম্প্ৰদায়ৰ লোক ১০০ শতাংশ থকা বুলি দেখুওৱা হৈছে যদিও কাৰ্য্যত উক্ত গাঁৱত বড়ো সম্প্ৰদায়ৰ লোকৰ সংখ্যা শূণ্য শতাংশহে।একেদৰে হেলেম ৰাজহ চক্ৰৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰঙাজান গাঁৱত তালিকাত উল্লেখ থকা ধৰণে এশ শতাংশ বড়ো সম্প্ৰদায়ৰ লোক নাই।

গাঁওখনৰ মুঠ ৭৪৪ গৰাকী ভোটাৰৰ ভিতৰত ৬৭৪ গৰাকী অবড়ো ভোটাৰ।শতাংশ হিচাপত উক্ত গাঁওখনত বড়ো সম্প্ৰদায়ৰ লোকৰ সংখ্যা ১০ শতাংশতকৈ কম হ'ব।স্থানীয় অবড়ো ৰাইজে সংগ্ৰহ কৰা হিচাপ অনুসৰি হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত উক্ত ১১ খন গাঁৱত ৮০ শতাংশৰ ওপৰত বড়ো সম্প্ৰদায়ৰ লোক নথকাটো স্পষ্ট।তেনেক্ষেত্ৰত উক্ত ১১ খন ৰাজহ গাঁও বড়ো আৰু অবড়ো লোকৰ জনগাঁথনিৰ ভুল পৰিসংখ্যাৰে বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ কোনো কাৰণতে মানি নল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ অবড়ো ৰাইজে।

ৰাজনৈতিক মুনাফাৰ বাবে সম্পূৰ্ণ জনগাঁথনিৰ ভুল পৰিসংখ্যাৰে উক্ত ১১খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি দুপৰীয়া ১২ বজাৰ পৰা কাউৰীপথাৰৰ বিষ্ণুৰাভা নাট্যমঞ্চৰ প্ৰাংগণত এখন বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হয়।অঞ্চলটোৰ প্ৰায় ১২০০ অবড়ো ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে স্থানীয় সমাজকৰ্মী দ্ৰোণ শৰ্মাই।সক্ৰিয় ৰাজহুৱা কৰ্মী জীতেন বৰপূজাৰীয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত ৮০ শতাংশতকৈ অধিক বড়ো সম্প্ৰদায়ৰ লোক নথকা উক্ত গাঁও সমূহক বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহ'ব বুলি সকলোৱে সংকল্পবদ্ধ হয়।

আজিৰ সভাই চৰকাৰী ভাবে উক্ত ১১ খন গাঁৱত জনগাঁথনিৰ এক জৰীপ চলাবলৈ চৰকাৰৰ প্ৰতি সভাই আহ্বান জনোৱা হয়।এজনো বড়ো সম্প্ৰদায়ৰ লোক নথকা গাঁৱত এশ শতাংশ বড়ো লোক থকা বুলি কাগজে কলমে দেখুওৱাটো চৰকাৰৰ যে এক গভীৰ ৰাজনৈতিক অভিসন্ধি সেয়া পৰিস্ফুট হৈ পৰিছে।এনেদৰে ভুল তথ্যৰে উক্ত ১১ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা হঠকাৰী পদক্ষেপৰ বিৰূদ্ধে কাইলৈ কাউৰীপথাৰৰ মঙলবৰীয়া সাপ্তাহিক বজাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে।

পৰবৰ্তী সময়ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সভাত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এইবিষয়ে অসমৰ মুখ্যমন্ত্ৰী,স্থানীয় বিধায়ক,উপায়ুক্ত আৰু মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।সভাৰ শেষত প্ৰতিবাদী ৰাইজে বিটিআৰত অবড়ো গাঁও অন্তভুক্তি কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবাদত বিভিন্ন প্ৰতিবাদী শ্ল'গান দি অঞ্চলটো উত্তাল কৰি তোলাৰ লগতে টায়াৰ জ্বলাই কাউৰীপথাৰ চেণ্টাৰৰ মাজেৰে যোৱা গড়কাপ্তানি পথ অৱৰোধ কৰি প্ৰতিবাদ তীব্ৰতৰ কৰি তোলে।এই জুই জ্বলিছে, জ্বলিছে জ্বলিবই,বিটিআৰৰ পৰা অবড়ো গাঁও কৰ্তন কৰক আদি বিভিন্ন শ্লগানেৰে উত্তাল হৈ পৰে পথ অৱৰোধৰ থলী।

আৰু পঢ়ক: কোনো অনুতপ্ত নাছিল! গান্ধীক হত্যা কৰাৰ পাছত নাথুৰাম গডছেৰ কি হ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in