''বিজেপি পৰাস্ত হ'ব যদিহে'' লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী

আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধিক একগল হ'বলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

author-image
Asomiya Pratidin
New Update
''বিজেপি পৰাস্ত হ'ব যদিহে'' লোকসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী

ডিজিটেল ডেস্কঃ আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধিক একগল হ'বলৈ আহ্বান জনাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আমেৰিকাৰ ৱাশ্বিংটনত সংবাদমাধ্যমৰ আগত মন্তব্য কৰি গান্ধীয়ে কয় যে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলে জনতাক আচৰিত কৰি তুলিব।

Advertisment

তেওঁ কয় যে, কংগ্ৰেছে নিৰ্বাচনৰ বাবে কাম কৰি আছে। বিৰোধিৰ লগত একেলগ হৈ কংগ্ৰেছে লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব পাৰিব বুলি কয়।লগতে বিজেপিয়ে দেশৰ সংস্থা সমূহৰ অপব্যৱহাৰ কৰা বুলি দাবী কৰে গান্ধীয়ে।

কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, যেতিয়া মই ৰাজনীতিত প্ৰৱেশ কৰিছিলো ভৱা নাছিলো যে মোৰ সাংসদ পদ কেতিয়াবা কৰ্তন হ'ব। কিন্তু ইয়াৰ বাবে মই জনতাৰ সেৱা কৰাৰ সুযোগ পাইছো।

উল্লেখ্য যে, আমেৰিকা ভ্ৰমণত থকাৰ সময়চোৱাত ৰাহুল গান্ধীয়ে ইয়াৰ পূৰ্বেও মোডী চৰকাৰৰ বিৰুদ্ধে কটাক্ষ মন্তব্য কৰিছে। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত জয় লাভ কৰাৰ উদাহৰণ দি তেওঁ কৈছে যে বিৰোধী একত্ৰিত হোৱাৰ পাছত বিজেপিক পৰাস্ত কৰা কঠিন নহয়।

Also Read: পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল...

rahul gandhi narendramodi