পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল...

পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধিৰে পুনৰ জনতাৰ মূৰত মাধমাৰ সোধালে শক্তি বিভাগে।

author-image
Asomiya Pratidin
New Update
পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল...

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল। মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ সময়তে বিদ্যুৎ মাচুল বৃদ্ধিৰে পুনৰ জনতাৰ মূৰত মাধমাৰ সোধালে শক্তি বিভাগে।

Advertisment

প্রতি ইউনিটত ৩০-৭০ পইচাকৈ বঢ়োৱাৰ সিদ্ধান্ত APDCLৰ। ২৭ মেত এই সন্দৰ্ভত জাননী জাৰি কৰিছিল বিভাগটোৱে। জীৱন ধাৰাৰ গ্রাহকৰ বাবে প্রতি ইউনিটত ৩০পইচাকৈ বৃদ্ধি কৰা হয়।

আনহাতে অন্যান্য উপভোক্তাৰ বাবে প্রতি ইউনিটত বৃদ্ধি ৭০ পইচাকৈ। জাননী অনুসৰি ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৫.২৫টকাকৈ, ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা উপভোক্তাই ৭.৩০ টকাকৈ আৰু ৫-৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্রাহকে দিব লাগিব ৮.১৫ টকাকৈ। লগতে বাণিজ্যিক গ্রাহকে দিব লাগিব ৮.৬০ টকাকৈ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চলিত বৰ্ষত বহুবাৰ বৃদ্ধি হৈছে বিদ্যুৎ মাচুল। আনফালে স্মাৰ্ট মিটাৰেও জ্বলা কলা খুৱাইছে জনতাক। তেনে ক্ষেত্ৰত পুনৰ মাচুল বৃদ্ধিয়ে জনতাৰ ওপৰত কি প্ৰভাৱ পেলাই সেয়া লক্ষণীয় হ'ব।

Also Read: ৪২ বছৰ পূৰ্বৰ হত্যাকাণ্ডঃ৯০ বছৰীয়া ব্যক্তিক কাৰাদণ্ড আদালতৰ

apdcl