কংগ্ৰেছৰ বৃহৎ বিফলতা! সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে, মোডীক কৈছিল 'চোৰ' বুলি...

কংগ্ৰেছৰ বৃহৎ বিফলতা! সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে, মোডীক কৈছিল 'চোৰ' বুলি...

সাংসদ পদ হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে

ডিজিটেল ডেস্কঃ সাংসদ পদ হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দোষী সাৱ্যস্ত হোৱাৰ এদিন পাছতেই পদ হেৰুৱালে নেতা গৰাকীয়ে। লোকসভা সচিবালয়ে শুকুৰবাৰে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়। ২৩ মাৰ্চত গুজৰাটৰ চুৰাত আদালতে দোষী সাৱ্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছিল নেতা গৰাকীক।

কেৰালাৰ ৱায়ানাড সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক বিৰোধিতা কৰে কংগ্ৰেছৰ বহু জ্যেষ্ঠ নেতাই। জ্যেষ্ঠ কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে সিদ্ধান্তটোক ভুল বুলি অভিহিত কৰে। তেওঁ কয় যে "লোকসভা সচিবালয়ে এজন সাংসদক অযোগ্য ঘোষণা কৰিব নোৱাৰে। ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰি এইটো কৰিব পাৰে।

উল্লেখ্য যে ২০১৯ চনৰ এক গোচৰৰ বাবে দোষী সাৱ্যস্ত হৈছিল নেতা গৰাকী। কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে- ''নীৰৱ মোডী, ললিত মোডী,নৰেন্দ্ৰ মোডীৰ উপাধি কিয় একে? কিয় প্ৰতিটো চোৰৰ উপাধি মোডী হয়? '' ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ বাবেই দোষী সাৱ্যস্ত হৈছিল নেতা গৰাকী।

কংগ্ৰেছৰ বৃহৎ বিফলতা! সাংসদ পদ হেৰুৱালে ৰাহুল গান্ধীয়ে, মোডীক কৈছিল 'চোৰ' বুলি...
নৃশংসভাৱে গৃহস্থক হত্যা কৰি চুৰি কৰি নিলে সামগ্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in