গহপুৰত চুৰিকাণ্ড : ঘৰৰ বেৰ খুলি চোৰে লুটি নিলে সকলো

গহপুৰত চুৰিকাণ্ড : ঘৰৰ বেৰ খুলি চোৰে লুটি নিলে সকলো

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ গহপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড৷ গহপুৰৰ গোপালপুৰ খাৰনিজানৰ কৃষ্ণা বৰা নামৰ মহিলা গৰাকীৰ ঘৰৰ সম্পূৰ্ণ ঘৰৰ বেৰ খুলি আলমাৰীৰ পৰা সকলো সোণ-ৰূপৰ অলংকাৰ, পাটৰ-মুগাৰ কাপোৰ, সকলো নথি-পত্ৰ লৈ গল চুৰে৷

উল্লেখযোগ্য যে, মহিলাগৰাকীৰ স্বামী পদীপ বৰুৱা ২মাহ ধৰি বহিঃৰাজ্যত নিৰুদ্দেশ হৈ আছে ৷ প্ৰদীপৰ নিৰুদ্দেশৰ পিছৰ পৰা ঘৰৰ পৰা ওলাই নোযোৱা কৃষ্ণা প্ৰথমবাৰৰ বাবে মাতৃ গৃহত নিশা কটাবলৈ যাওঁতে সংঘটিত হয় এই চুৰি কাণ্ড ৷ ইতিমধ্যে গহপুৰ আৰক্ষী থানাত ঘটনা সম্পৰ্কে গোচৰ ৰুজু কৰিছে কৃষ্ণা বৰাই। গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

গহপুৰত চুৰিকাণ্ড : ঘৰৰ বেৰ খুলি চোৰে লুটি নিলে সকলো
শিৱসাগৰৰ দিচাংমুখত 'নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট'ৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in