কাশ্মীৰত শিক্ষাৰ্থীৰে ৰাহুল গান্ধীৰ মত-বিনিময়

কাশ্মীৰত শিক্ষাৰ্থীৰে ৰাহুল গান্ধীৰ মত-বিনিময়

author-image
Asomiya Pratidin
New Update
কাশ্মীৰত শিক্ষাৰ্থীৰে ৰাহুল গান্ধীৰ মত-বিনিময়

ডিজিটেল ডেস্ক : ৰাহুল গান্ধীয়ে কেতিয়া পাতিব বিয়া, বিয়া সন্দৰ্ভত কি ভাবে, প্ৰেমিকা আছে নে নাই ইত্যাদি নানা খুহুতীয়া প্ৰশ্নৰ সন্মুখীন হৈছে ৰাহুল গান্ধী। কাশ্মীৰৰ একাংশ শিক্ষাৰ্থীৰে হোৱা মত- বিনিময় পৰ্বত এনেবোৰ প্ৰশ্ন তোলে শিক্ষাৰ্থীসকলে। প্ৰত্যুত্তৰত ৰাহুল গান্ধীয়েও হাঁহি হাঁহি শিক্ষাৰ্থীসকলক সকলো প্ৰশ্নৰ উত্তৰ দিয়ে।

Advertisment

ইয়াৰোপৰি কাশ্মীৰী যুৱতীসকলে শিক্ষা, নিযুক্তি, ৰাজনীতি আৰু সাম্প্ৰতিক পৰিৱেশ সন্দৰ্ভতো কেতবোৰ প্ৰশ্ন উত্থাপন মত বিনিময় অনুষ্ঠানত। এই মত বিনিময় অনুষ্ঠানত ৰাহুল গান্ধীয়ে বিবাহ সন্দৰ্ভত কয়- মই এতিয়াই বিবাহৰ কল্পনা কৰা নাই। বিবাহত চাপ থাকে আৰু বহু কিবা কিবা থাকে, গতিকে এতিয়াই মই বিয়াৰ কথা ভবা নাই।

তেতিয়া এগৰাকী শিক্ষাৰ্থীয়ে কয় যে যদিহে বিয়া পাতে তেন্তে আমাক মাতিবনে ? ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে মিচিকিয়াই কয় - নিশ্চয়। কিয় নামাতিম।

আপোনালোক সকলোকে মাতিম। কিন্তু বিয়াৰ বাবে মই প্ৰস্তুত নহয়। লগতে তেঁও ধেমালিৰ সুৰত কয় যে কাশ্মীৰত যি হাৰত বিবাহ বিচ্চেদৰ ঘটনা ঘটি থাকে, এইবোৰ দেখি-শুনি বিয়া নকৰাই ভাল যেন লাগে বুলি ধেমেলীয়া মন্তব্য কৰে।

উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত শিক্ষাৰ্থীৰে হোৱা মত -বিনিময়ৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমক ৰাজহুৱা কৰিছে। য’ত ভালেসংখ্যক দৰ্শকে মত বিনিময় অনুষ্ঠানটি উপভোগ কৰাৰ লগতে বিভিন্ন ৰসাল মন্তব্যৰে উপচাই দিছে।

Also Read: আগৰতলাত জব্দ ১৯.২কোটি টকাৰ নিষিদ্ধ সামগ্ৰী...

rahul gandhi