আগৰতলাত জব্দ ১৯.২কোটি টকাৰ নিষিদ্ধ সামগ্ৰী...

আগৰতলাত জব্দত ১৯.২কোটি টকাৰ নিষিদ্ধ সামগ্ৰী...

author-image
Asomiya Pratidin
New Update
আগৰতলাত জব্দ ১৯.২কোটি টকাৰ নিষিদ্ধ সামগ্ৰী...

ডিজিটেল সংবাদ, শিলচৰ: নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু কেন্দ্ৰীয় শুল্ক বিভাগে আগৰতলাত বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছে। গোপন তথ্যৰ ভিত্তিত আগৰতলাৰ চালবাগান এলেকাত এখন বলেৰ' বাহনত তালাচী চলাই অভিযানকাৰী দলটোৱে ১লাখ ২০হাজাৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰে।

Advertisment

জব্দ কৰা টেবলিটখিনিৰ মূল্য প্ৰায় ১৯.২কোটি টকা বুলি জানিবলৈ দিছে অসম ৰাইফলছে।‌ নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ অভিযোগত বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰা হৈছে।‌ পিচত জব্দ কৰা টেবলেট সহ ধৃত‌ ব্যক্তিজনক শুল্ক বিভাগক গতাই দিয়া হয়।

Also Read: বিশ্বৰ ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদামৰ বিষয়ে...

assam rifles Agartala yaba tablet