ৰাহুল গান্ধীয়ে কুকুৰৰ নাম ৰাখিলে নুৰী! একাংশই ক'লে, এয়া মুছলিম মহিলাক কৰা অপমান

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃক এটা কুকুৰ উপহাৰ দিছে। ইয়াৰ পাছতে এতিয়া এই কুকুৰটোক লৈ বিবাদ আৰম্ভ হৈছে

author-image
Asomiya Pratidin
New Update
ৰাহুল গান্ধীয়ে কুকুৰৰ নাম ৰাখিলে নুৰী! একাংশই ক'লে, এয়া মুছলিম মহিলাক কৰা অপমান

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃক এটা কুকুৰ উপহাৰ দিছে। ইয়াৰ পাছতে এতিয়া এই কুকুৰটোক লৈ বিবাদ আৰম্ভ হৈছে। ৰাহুল গান্ধীয়ে মাতৃ ছোনিয়া গান্ধীক উপহাৰ দিয়া কুকুৰটোৰ নাম 'নুৰী' ৰাখিছে। যাৰ বাবে ইয়াৰ বিৰোধিতা কৰিছে একাংশই।

Advertisment

এআইএমআইএম-ৰ অধ্যক্ষ আছাদুদ্দিন ওৱেছীয়ে ইয়াৰ বিৰোধিতা কৰা দেখা যায়। দলটোৰ উত্তৰ প্ৰদেশৰ মুখপাত্ৰ মহম্মদ ফাৰহানে কুকুৰৰ নামক লৈ ৰাহুল গান্ধীক কটাক্ষ কৰা দেখা যায়। তেওঁ কৈছে যে ইছলাম ধৰ্মৰ লাখ লাখ ছোৱালীৰ নাম নুৰী।

তেওঁ কয় যে, ইছলামত নুৰী মানে পোহৰ বা কিবা জ্বলি থকা। তেওঁৰ মতে, যেতিয়া এজনী ছোৱালীয়ে জন্মৰ পিছত পৰিয়ালটোক সুখেৰে ভৰাই তোলে, তেতিয়া তাইৰ নাম নুৰী ৰখা হয়। তেওঁ কয় যে, ইছলাম ধৰ্মৰ লোকক অৱমাননা কৰিবলৈ ৰাহুল গান্ধীয়ে তেওঁৰ কুকুৰটোৰ নাম নুৰী ৰাখিছে । তেওঁ অভিযোগ কৰিছে যে এয়া ইছলাম ধৰ্মৰ লাখ লাখ যুৱতীক কৰা অপমান।

তেওঁ লগতে ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ আহ্বান জনায়। উল্লেখ্য যে, ৱাৰ্ল্ড এনিমেল ডেৰ দিনা ৰাহুল মাতৃক গোৱাৰ পৰা আনি কুকুৰটো উপহাৰ দিছিল।

Also Read: জন ফ'জেলৈ ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা...

rahul gandhi