দেৱাংগনা সহিত আন ছাত্ৰৰ জামিনৰ বিৰুদ্ধে আৰক্ষীয়ে কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ...

দেৱাংগনা সহিত আন ছাত্ৰৰ জামিনৰ বিৰুদ্ধে আৰক্ষীয়ে কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ...

author-image
Asomiya Pratidin
New Update
দেৱাংগনা সহিত আন ছাত্ৰৰ জামিনৰ বিৰুদ্ধে আৰক্ষীয়ে কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ...

ডিজিটেল ডেস্কঃ অসমৰ জীয়াৰী দেৱাংগনা কলিতাৰ লগতে আশিক ইকৱাল, নাতাশা নৰৱালক ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষীয়ে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । মঙলবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰে।

Advertisment

উল্লেখ্য যে ২০২০ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত উত্তৰ পূৱ দিল্লীত সংঘটিত হৈছিল এক সাম্প্ৰদায়িক সংঘৰ্ঘ । এই সংঘৰ্ষত জড়িত থকাৰ অভিযোগত ২০২০ চনৰ মে' মাহত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল অসমৰ জীয়ৰী দেৱাংগনাক । দেৱংগনা সহিতে এই অভিযোগত গ্ৰেপ্তাৰ হৈছিল বহুকেইগৰাকী সতীৰ্থ ।

দিল্লী উচ্চ ন্যায়ালয়ে ২০২১ চনত জামিন লাভ কৰিছিল আটাইকেইগৰাকী অভিযুক্তক । য’ত দেৱংগনাইও লাভ কৰিছিল জামিন । এটা বছৰ কাৰাগাৰাত কটাব লগীয়া হৈছিল দেৱংগনাই । দেৱাংগনা জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্রী ।

দেৱাংগনাৰ বিৰুদ্ধে ইউ পি এ অধীনত চক্ৰান্তমূলক গোচৰ ৰুজু হৈছিল । কা’ আন্দোলনতো ভাগ লৈছিল গৱেষিকা ছাত্ৰগৰাকীয়ে । দিল্লী উচ্চ ন্যায়ালয়ে দেৱংগনাক জামিন প্ৰদান কৰি কৈছিল যে, প্ৰতিবাদ কৰাটো মৌলিক অধিকাৰৰে এক অংশ । ইউ পি এ অধিনত প্ৰতিবাদ কৰা কাৰ্যক সন্ত্ৰাসবাদী কাৰ্য হিচাপে গণ্য কৰিব নোৱাৰি ।

supreme court delhi police