ন্যায়ালয়ে মাত্ৰ এটা শব্দত খাৰিজ কৰিলে ৰাহুল গান্ধীৰ আৱেদন...

ন্যায়ালয়ে মাত্ৰ এটা শব্দত খাৰিজ কৰিলে ৰাহুল গান্ধীৰ আৱেদন...
ন্যায়ালয়ে মাত্ৰ এটা শব্দত খাৰিজ কৰিলে ৰাহুল গান্ধীৰ আৱেদন...

ডিজিটেল ডেস্কঃ 'ডিছমিজ'- মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ ওপৰত ন্যায়ালয়ে ক'লে মাত্ৰ এটা শব্দ। চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰদণ্ডৰে দণ্ডিত কৰাৰ সমান্তৰালকৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁৰ সাংসদ পদ খাৰিজ কৰিলে।

চুৰাট আদালতৰ ৰায়ৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আৱেদন আজি অতিৰিক্ত সত্ৰ ন্যায়ালয়ৰ ন্যায়ধীশ আৰ পি মোগেৰা আদালতে মাত্ৰ এটা শব্দত খাৰিজ কৰিলে। উল্লেখ্য ন্যায়াধীশ মোগেৰাই যোৱা ১৩ এপ্ৰিলত দুয়োপক্ষৰ যুক্তি শুনিছিল আৰু সেই দিনা এই ৰায় সংৰক্ষিত ৰাখিছিল।

আজি তেওঁৰ সেই আৱেদন খাৰিজ কৰাত এতিয়া ৰাহুল গান্ধীৰ হাতত একমাত্ৰ পথ হিচাপে খোলা আছে উচ্চতম ন্যায়ালয়। কংগ্ৰেছৰ ফালৰ পৰাও কোৱা হৈছে আইনী ভাৱে তেওঁলোকৰ হাতত যিসমূহ বিকল্প পথ খোলা আছে সেই সকলো পথ অনুসৰণ কৰিব।

২০১৯ ত বেংগালুৰুৰ নিৰ্বাচনী সভাত ৰাহুলে সকলো চোৰৰ নামৰ পাছফালে মোডী কিয় থাকে বুলি কৰা এক মন্তব্যৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ৰায় চলিত বৰ্ষৰ ২৩ মাৰ্চত আদালতে প্ৰদান কৰিছিল।

আদালতে ৰাহুল গান্ধীক উক্ত মন্তব্যৰ বাবে দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ লগতে এমাহৰ জামিন প্ৰদান কৰিছিল। ইয়াৰ পিছৰ দিনাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল।

ন্যায়ালয়ে মাত্ৰ এটা শব্দত খাৰিজ কৰিলে ৰাহুল গান্ধীৰ আৱেদন...
ঋণ লৈ দিয়া ১২৫০ টকাৰ অৰুণোদয় নে ৰাহি বাজেটেৰে দিয়া ১৪০০ টকাৰ বিনামূলীয়া বিজুলী ডাঙৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in