ঋণ লৈ দিয়া ১২৫০ টকাৰ অৰুণোদয় নে ৰাহি বাজেটেৰে দিয়া ১৪০০ টকাৰ বিনামূলীয়া বিজুলী ডাঙৰ?

ঋণ লৈ দিয়া ১২৫০ টকাৰ অৰুণোদয় নে ৰাহি বাজেটেৰে দিয়া ১৪০০ টকাৰ বিনামূলীয়া বিজুলী ডাঙৰ?
ঋণ লৈ দিয়া ১২৫০ টকাৰ অৰুণোদয় নে ৰাহি বাজেটেৰে দিয়া ১৪০০ টকাৰ বিনামূলীয়া বিজুলী ডাঙৰ?

ডিজিটেল সংবাদ গুৱাহাটীঃ মুখ্যয়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আম আদমি পাৰ্টীৰ উত্থানত ভীষণ খাইছে। ড০ শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথাকে প্ৰতিপন্ন কৰে।

আম আদমি পাৰ্টী, অসমৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে কয় দলটোৱে। প্ৰেছ বিজ্ঞপ্তিটোত আৰু কয়,দুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই কোনো প্ৰসংগ নোহোৱাকৈ কেতবোৰ ভুল তথ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক টুইটাৰত আক্ৰমণ কৰে।

দিল্লীৰ বিনামূলীয়া বিজুলীতকৈ অৰুণোদয় বহুত ডাঙৰ বুলি এক গোকাট মিছা মাতিলে। অৰুণোদয় আঁচনিত এগৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে ১২৫০ টকাকৈ লাভ কৰে। দিল্লীত ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া আৰু পৰৱৰ্তী ৩০০ ইউনিটলৈকে বিদ্যুৎ মাচুলত ৫০ শতাংশ ৰেহাই দিয়া হয়।

অসমত প্রতি ইউনিট বিদ্যুত গড় দাম ৭ টকা বুলি ধৰিলে ২০০ ইউনিটৰ দাম হয়গৈ ১৪০০ টকা। গতিকে দিল্লীৰ প্ৰতি ঘৰ লোকে মাহে নূন্যতম ১৪০০ টকাকৈ সকাহ পাই আছে।

কোনটো পৰিমাণ বেছি? ১২৫০ টকা নে ১৪০০ টকা? মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিপথে পৰিচালিত নকৰিবলৈ আম আদমি পার্টীয়ে সকীয়াই দিয়ে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত বিজুলী বিনামূলীয়া কৰাৰ যে সামর্থ নাই, সেই কথা স্বীকাৰ কৰক।

লগতে দিল্লীত যিদৰে ২৪ ঘণ্টাই বিজুলী যোগান ধৰা হয়, অসমতো কৰি দেখুৱাওক। এই দাবী আম আদমি পাৰ্টীৰ। আনহাতে অৰুণোদয় আঁচনি সকলোৰে বাবে নহয়।

কিন্তু দিল্লীত ধনী-দুখীয়া সকলোৱে বিনামূলীয়া বিজুলী লাভ কৰে। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে। কিন্তু দিল্লীৰ বিনামূলীয়া বিজুলী হৈছে এখন দক্ষ চৰকাৰে নিজৰ লাভসমূহ জনতালৈ হস্তান্তৰ কৰা এক আঁচনি।

মুখ্যমন্ত্রী শৰ্মাই ঋণ লৈ অৰুণোদয় চলাই আছে। এফালে অসমৰ ঋণৰ বোজা বাঢ়ি গৈ আছে আৰু ইয়াৰ ফলত সা-সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে। ৰাইজে ত্রাহি মধুসূদন দেখিছে। দিল্লীত বিনামূলীয়া বিজুলী দিয়া হৈছে ৰাহি বাজেটত।

মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এষাৰ কথা কৈছে যে আজিৰ সময়ত AIIMS স্থাপনৰ কথা ক'ব লাগে, মহল্লা ক্লিনিক নহয়। মুখ্যমন্ত্ৰীক সোঁৱৰাই দিওঁ যে দিল্লীত AIIMS কেতিয়াবাই স্থাপন কৰা হৈছিল আৰু বহুত ছুপাৰস্পেছিয়েলিটী হাস্পতাল আছে।

আম আদমি পাৰ্টীয়ে গুৰুত্ব দিয়ে জনতাই বিনামূলীয়াকৈ স্বাস্থ্যসেৱা লাভ কৰিছে নে নাই। পানীলগা-জ্বৰ বা আন সৰু অসুখ হ'লে মানুহে এইমছলৈ নাযায়, ঘৰৰ ওচৰে উন্নত মানৰ চিকিৎসা বিচাৰে।

সৰু সৰু ৰোগৰ বাবে ডাঙৰ চিকিৎসালয়লৈ ৰোগীসকল নগ'লে ডাঙৰ ডাঙৰ হাস্পতালত ভিৰ কম হয় আৰু যি উদ্দেশ্যৰে ডাঙৰ ডাঙৰ হাস্পতালসমূহ স্থাপন কৰা হৈছে সেই উদ্দেশ্যও সফল হয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানি থোৱা ভাল যে, প্ৰতিটো স্তৰৰ হাস্পতাল বা ক্লিনিকৰ নিজ নিজ স্থানতে গুৰুত্ব আছে।

দিল্লী চৰকাৰে ধনী-দুখীয়াৰ সকলোৰে বাবে যেনেকৈ ডাঙৰ-সৰু সকলো ৰোগৰ চিকিৎসা বিনামূলীয়া কৰিছে, অসম চৰকাৰে তেনে সুবিধা অসমবাসীক দিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা বিচাৰিছে।

ঋণ লৈ দিয়া ১২৫০ টকাৰ অৰুণোদয় নে ৰাহি বাজেটেৰে দিয়া ১৪০০ টকাৰ বিনামূলীয়া বিজুলী ডাঙৰ?
গাড়ীত নালাগে এচি, চাৰিওফালে গোবৰ লেপি দিলেই পাব এচিৰ দৰে ঠাণ্ডা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in