'চোৰৰ উপাধি মোডী কিয় হয়' আদালতে দোষী সাৱ্যস্ত কৰিলে ৰাহুল গান্ধীক...

বিপদত পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে গুজৰাটৰ চূৰাট আদালতে বৃহস্পতিবাৰে দোষী সাৱ্যস্ত কৰে ৰাহুল গান্ধীক।
'চোৰৰ উপাধি মোডী কিয় হয়' আদালতে দোষী সাৱ্যস্ত কৰিলে ৰাহুল গান্ধীক...

ডিজিটেল ডেস্কঃ বিপদত পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ বাবে গুজৰাটৰ চূৰাট আদালতে বৃহস্পতিবাৰে দোষী সাৱ্যস্ত কৰে ৰাহুল গান্ধীক।

প্ৰধানমন্ত্ৰী মোডী "চোৰ'' বুলি কৰা মন্তব্যৰ বাবেই আজি আদালতত শুনানি হৈছিল। এই গোচৰত আদালতে দোষী সাৱ্যস্ত কৰে ৰাহুল গান্ধীক। এই ঘটনা ২০১৯ চনৰ ১৩ এপ্ৰিলৰ ।

কংগ্ৰেছ নেতা গৰাকীয়ে ২০১৯ চনত কৰ্ণাটকত অনুষ্ঠিত এক ৰাজহুৱা সভাত মোডীৰ বিৰুদ্ধে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে- ''নীৰৱ মোডী, ললিত মোডী,নৰেন্দ্ৰ মোডীৰ উপাধি কিয় একে? কিয় প্ৰতিটো চোৰৰ উপাধি মোডী হয়? '' ৰাহুল গান্ধীৰ এই মন্তব্যৰ পাছতেই বিধায়ক পূৰ্ণেশ মোডীয়ে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

চাৰি বছৰ পুৰণি এই গোচৰটোৰ শুনানিৰ সময়চোৱাত আজি আদালতত ৰাহুল গান্ধী উপস্থিত থাকে। তেওঁৰ লগতে গুজৰাটৰ কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা আদালতত উপস্থিত আছিল।

গতিকে প্ৰশ্ন হয়, বিপদত পৰিব নেকি ৰাহুল গান্ধী? আদালতে গান্ধীক কি শাস্তি প্ৰদান কৰে সেয়া হ'ব লক্ষণীয়। একাংশৰ মতে তেওঁৰ সাংসদ পদৰ বাবে বিপদ আহিব পাৰে বা ২ বছৰ পৰ্যন্ত জেল হ'ব পাৰে।

'চোৰৰ উপাধি মোডী কিয় হয়' আদালতে দোষী সাৱ্যস্ত কৰিলে ৰাহুল গান্ধীক...
হ্ৰাস পাব সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰৰ দৰে মুখ্য নদীৰ জলপ্ৰৱাহ, যথেষ্ঠ প্ৰভাৱ পৰিব জীৱকূলত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in