ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক তদন্তৰ আহ্বান বিজেপিৰ। নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি নিৰ্বাচন আয়োগক এই আহ্বান জনাইছে বিজেপিয়ে। ইয়াৰ লগতে কংগ্ৰেছ অধ্য়ক্ষ মালিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধেও তদন্তৰ দাবী জনাইছে বিজেপিয়ে।
বিজেপিয়ে কৈছে যে, ৰাজস্থান বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিভিন্ন অপমানজনক মন্তব্য কৰিছে। মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী মোডীৰ অ'বিচি ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল, আনহাতে ৰাহুল গান্ধীয়ে তেওঁৰ বাবে এক অপমানজনক শব্দ ব্যৱহাৰ কৰিছিল। গতিকে ৰাজস্থান বিধানসভা নিৰ্বাচনত আদৰ্শ আচৰণ বিধি আৰু আইন উলংঘা কৰা বুলি অভিযোগ তুলিছে বিজেপিয়ে।
উল্লেখ্য যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মঙলবাৰে এখন নিৰ্বাচনী সভা সম্বোধন কৰি কৈছিল- প্ৰধানমন্ত্ৰী মানে দুৰ্ভাগ্যজনক (পনৌতী, হিন্দী শব্দ) । অষ্ট্ৰেলিয়াৰ সৈতে ভাৰতে খেলা বিশ্বকাপৰ ফাইনেলৰ কথা উল্লেখ কৰি দুৰ্ভাগ্যজনক শব্দ ব্যৱহাৰ কৰিছিল ৰাহুলে। ফাইনেলত পৰাজয়ৰ পাছত পনৌতি শব্দ ছচিয়েস মিডিয়াত ট্ৰেণ্ডত আছিল। ৰাহুল গান্ধীয়ে কৈছিল যে মোডীয়ে টিভিত আহে আৰু হিন্দু-মুছলিমৰ কথা কয়, কেতিয়াবা কেতিয়াবা ক্ৰিকেট চাবও যায়। অৱশ্যে ক্ৰিকেটত পাৰজয় হয়। পনৌতি...।
লগতে কয় যে আমাৰ যুৱকসকলে জয় লাভ কৰিলহেতেন । কিন্তু পনৌতীয়ে পৰাজয় কৰি দিলে। টিভিত ইয়াৰ বিষয়ে কোৱা নহয়। কিন্তু জনতাই বুজি পায়।
ৰাহুল গান্ধীৰ এই মন্তব্যৰ বিৰোধিতা কৰিয়েই ক্ষমা খোজাৰ দাবী কৰিছে বিজেপিয়ে। এই মন্তব্যক লৈ এতিয়া গৰম হৈ আছে ৰাজনৈতিক মহল।
Also Read: প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ বেছি নিবনুৱা যুৱক-যুৱতীক দিয়া হ'ব চাকৰিঃ পিযুষ হাজৰীকা
বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ কাৰণ... ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰোধিতা বিজেপিৰ, ক্ষমা খোজাৰ দাবী
নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি নিৰ্বাচন আয়োগক এই আহ্বান জনাইছে বিজেপিয়ে।