প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ বেছি নিবনুৱা যুৱক-যুৱতীক দিয়া হ'ব চাকৰিঃ পিযুষ হাজৰীকা

প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ বেছি নিবনুৱা যুৱক-যুৱতীক দিয়া হ'ব চাকৰিঃ পিযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ বেছি নিবনুৱা যুৱক-যুৱতীক দিয়া হ'ব চাকৰিঃ পিযুষ হাজৰীকা

ডিজিটেল সংবাদ, শিৱসাগৰঃ বুধবাৰে শিৱসাগৰৰ সোণাৰিত বিশাল ৰাজহুৱা সভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাই। উপস্থিত ৰাইজৰ আগত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰৰ দিনত আৰ্থিকভাৱে স্বচ্চল লোকেহে চৰকাৰী চাকৰি লাভ কৰিছিল। তেনে পৰিবেশৰ এতিয়া পৰিবৰ্তন হ'ল।

Advertisment

বিগত নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ নিবনুৱা যুৱক-যুৱতীৰ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল। ১ লাখ চৰকাৰী নিযুক্তিৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্য চৰকাৰে ইতিমধ্যে ৮৭ হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, কোনোধৰণৰ টকা-পইচা নিদিয়াকৈ নিকাভাৱে আগন্তুক আঢ়ৈ বছৰত আৰু ৪৫ হাজাৰ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি ঘোষণা কৰে মন্ত্ৰী হাজৰীকাই। প্ৰতিশ্ৰুতিতকৈ ৩৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে বেছিকৈ চৰকাৰী চাকৰি লাভ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ ৰাইজৰ বাবে আখৰে আখৰে কৰে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। অসমৰ লাখ লাখ অৰোণোডয় আঁচনি লাভ কৰা লোকক ৰাজহুৱাকৈ কথা দিয়ে যে, অতি সোনকালে আঁচনিৰ ধন ১৪৫০ টকালৈ বৃদ্ধি কৰা হব। লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অনুসৰি নতুনকৈ ৬ লাখ মহিলাক এই আঁচনিৰ আওটালৈ অনাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

নিৰ্বাচন আন এটা প্ৰতিশ্ৰুতি অনুসৰি মহিলাৰ মাইক্ৰফাউনেঞ্চৰ ঋণ মাফৰ বাবে বেংক সমূহক প্ৰায় ২১০০ কোটি টকা চৰকাৰে ঘূৰাই দিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছ চৰকাৰৰ দিনত চাহ বাগানৰ শ্ৰমিকে মাত্ৰ ১২৬ টকা লাভ কৰিছিল। ২০১৬ চনত বিজেপি চৰকাৰৰ দিনতেই চাহ শ্ৰমিকৰ মজুৰি ১৬৭ টকা কৰা হৈছে। শেহতীয়াকৈ বিজেপি চৰকাৰে পুনৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰি ২৫০ টকাকৈ লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

বিজেপি চৰকাৰে বাগানৰ ৰাইজৰ কাৰণে যিমান কাম কৰিছে, কোনো চৰকাৰে কৰা নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অসম চৰকাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত বাগানৰ যুৱক-যুৱতীৰ বাবে ৩ শতাংশ আসন সংৰক্ষণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। বিজেপি চৰকাৰে ৭০ লাখ পৰিয়ালক ৰাইজক বিনামূলীয়াকৈ চাউল যোগান ধৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিগত ৭০ বছৰ তথা কংগ্ৰেছ চৰকাৰৰ দিনত অসমত মাত্ৰ ৬ খন মেডিকেল কলেজ আছিল।

বিজেপি চৰকাৰৰ দিনত অসমত মেডিকেল কলেজ ১২খনলৈ বৃদ্ধি পোৱাৰ কথা মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানেও ৰাজ্যত আৰু ১২খন মেডিকেল কলেজৰ কাম পুৰ্ণগতিত চলি আছে। বিজেপি চৰকাৰে স্বাস্থ্য, শিক্ষা আৰু যাতায়তৰ ওপৰত যথেষ্ঠ গুৰুত্ব প্ৰদান কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

তেওঁ লগতে কয় যে, অসমক বানৰ পৰা মুক্ত কৰিবলৈ প্ৰত্যেক বছৰে ২০০০ কোটি টকাকৈ খৰচ কৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ দিনতেই বেছিকৈ বান বিধ্বস্ত ধেমাজি জিলাৰ ৯০ শতাংশ বান নিয়ন্ত্ৰণ হৈছে। মুখ্যমন্ত্ৰী আত্ননিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ ২ লাখ যুৱক-যুৱতীক ১ লাখৰ পৰা ৫ লাখ টকালৈকে আৰ্থিক সকাহ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে। বিজেপি চৰকাৰৰ দিনতেই মহিলা আত্মসহায়ক গোটৰ ৪ লাখ মহিলাক ২৫ হাজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এইবাৰ প্ৰতিটো আত্মসহায়ক গোটক ১ লাখ ১০ হাজাৰকৈ আৰ্থিক অনুদান দিয়া হব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতেই অসমত এমএচপি ব্যৱস্থা প্ৰবৰ্তন হৈছে। যাৰ ফলত ৰাজ্য কৃষকসকলে ধানৰ উকৃষ্ট মূল্য লাভ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

মিছন বসুন্ধৰাৰ অধীনত অসমৰ সকলো খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই। আহোমৰ বীৰ লাচিত বৰফুকনক বিশ্ব দৰবাৰলৈ নিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰ। লগতে তেওঁ কয় যে, কংগ্ৰেছৰ নেতা বিলাকে মিছা কথা কয়। কংগ্ৰেছৰ দিনতেই ৰাস্তা-পথ বেছি বেয়া আছিল। কংগ্ৰেছ নেতা বিলাকে বৰ্তমান ৰাস্তা-পথ বেয়া বুলি মিচা মাতে।

দেশৰ উন্নয়নৰ স্বাৰ্থত নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধামন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবলৈ আগন্তুক বিজেপি দলক ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনায় মন্ত্ৰী পীযুষ হাজৰীকাই। আগন্তুক লোকসভা নিৰ্বাচনত কেৱল সোণাৰি বিধানসভা সমষ্টিতেই ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী জয়ী হব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। অঞ্চলটোৰ নদী নিয়ন্ত্ৰণ ক্ষেত্ৰত কেইবাটাও কাম আগন্তুক একবছৰৰ ভিতৰত সম্পূৰ্ণ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

Also Read: সন্ত্ৰাসবাদীৰ কাৰ্যকালাপৰ সৈতে জড়িতৰ অভিযোগত বৰ্খাস্ত চিকিৎসক, আৰক্ষী কনিষ্টবল, চৰকাৰী কৰ্মচাৰী

pijus hazarika