/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/5025d69e-d6af-45ca-9133-c7a0499ab8f5/AP_FOR_WEB_rahul_.jpg)
৫০ শতাংশৰো অধিক হ'ব জাতিগত সংৰক্ষণঃ যদিহে...
ডিজিটেল ডেস্কঃ ইণ্ডিয়া গোটৰ চৰকাৰ গঠন হ'লে জাতিগত সংৰক্ষণ ৫০ শতাংশৰো অধিক কৰাৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ। জাতিগত গণনা নোহোৱাকৈয়ে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এই প্ৰতিশ্ৰুতি দিলে।
তেওঁ কয়, লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি ইণ্ডিয়া গোটৰ চৰকাৰ গঠন হ'লে জাতি ভিত্তিক সংৰক্ষণ ৫০ শতাংশতকৈও বৃদ্ধি কৰা হ'ব। ঝাৰখণ্ডৰ ৰাজধানী ৰাচীত সোমবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হোৱাৰ পাছতে ৰাহুল গান্ধীয়ে এক সমাবেশত কয়, অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ' বি চিসকলক যুগ যুগ ধৰি বংশানুক্ৰিমক শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰি অহা হৈছে। দেশৰ বৃহৎ উদ্যোগ খণ্ডত, চিকিৎসা ক্ষেত্ৰত, বিদ্যালয়, মহাবিদ্যালয়, ন্যায়ালয় আদিত তেওঁলোকৰ প্ৰতিনিধিত্ব সীমিত। যদি আমি ক্ষমতালৈ আহো, আমি তেওঁলোকৰ বাবে সমানুপাতিক প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ ৫০ শতাংশতকৈ অধিক সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিম।
आप प्राइवेट अस्पतालों, विश्वविद्यालयों, कॉलेजों के मैनेजमेंट की लिस्ट निकालिए, उसमें आपको दलित और पिछड़ा वर्ग नहीं मिलेगा।
वहीं आप कांट्रैक्ट पर काम करने वालों की लिस्ट निकालेंगे तो आपको दलित, आदिवासी और पिछड़े वर्ग के लोग मिलेंगे।
यानी इन लोगों को बंधुआ मजदूर बनाया जा रहा है।… pic.twitter.com/cQwTFxSyc8— Congress (@INCIndia) February 5, 2024
কেৱল এয়াই নহয়, এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ আইন প্ৰণয়নোৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুলে। উল্লেখ্য, ভাৰতীয় সংবিধানে জাতি ভত্তিক সংৰক্ষণ ৫০ শতাংশৰো অধিক কৰাৰ অনুমতি প্ৰদান কৰা নাই। তাৰ মাজতো উচ্চতম ন্যায়ালয়ৰ অনুমোদন সাপেক্ষে তামিলনাডু, তেলেঙ্গানা, মহাৰাষ্ট্ৰ আদি ৰাজ্যত ৫০ শতাংশতকৈ অধিক সংৰক্ষণৰ সুবিধা আছে।
উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কৈছে, গ্ৰহণযোগ্য ব্যাখ্যাৰ ভিত্তিত ৰাজ্যসমূহত এইদৰে সংৰক্ষণৰ ব্যৱস্থাৰ কৰিব পাৰি। অৱশ্যে কেন্দ্ৰীয় স্তৰত তেনে কোনো ব্যৱস্থা নাই। ৰাহুল গান্ধীয়ে কয়, যদি ইণ্ডিয়া গোট ক্ষমতালৈ আহে তেন্তে প্ৰথমেই জাতিগত গণনা হ'ব। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অ' বি চিৰ বাবে ৫০ শতাংশৰ সংৰক্ষণৰ সীমাৰেখা তুলি ধৰা হ'ব।
Also Read: লামডিঙত পদ্মশ্ৰী বঁটা প্ৰাপ্ত অধ্যাপক ড০ হৰিচ চন্দ্ৰ বৰ্মা