লামডিঙত পদ্মশ্ৰী বঁটা প্ৰাপ্ত অধ্যাপক ড০ হৰিচ চন্দ্ৰ বৰ্মা

শিক্ষাৰ্থী সকলৰ সৈতে পদাৰ্থ বিজ্ঞান আৰু ভৌতিক পদাৰ্থ বিজ্ঞানৰ সন্দৰ্ভত ৰসিকতা আৰু আমোদজনক ভাৱে মত বিনিময় কৰিলে প্ৰখ্যাত বৈজ্ঞানিকগৰাকীয়ে ৷

author-image
Asomiya Pratidin
New Update
 লামডিঙত পদ্মশ্ৰী বঁটা প্ৰাপ্ত অধ্যাপক ড০ হৰিচ চন্দ্ৰ বৰ্মা

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত সোমবাৰে উপস্থিত হয় পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰখ্যাত ভৌতিক পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তথা লিখক ড০ হৰিচ চন্দ্ৰ বৰ্মা । আজি লামডিং ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে শিক্ষাৰ্থী সকলৰ বাবে আয়োজন কৰিলে এক বিশেষ দিনৰ । লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত চাৰিখন বিদ্যালয়ৰ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ বাবে বিজ্ঞান প্ৰযুক্তিৰ সন্দৰ্ভত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে আৰু উক্ত অনুষ্ঠানতে উপস্থিত থাকে IIT Kanpur ৰ প্ৰাক্তন পদাৰ্থবিজ্ঞানৰ অধ্যাপক তথা ২০২১ চনত ভাৰত চৰকাৰ পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰখ্যাত বৈজ্ঞানিক হৰিচ চন্দ্ৰ বৰ্মা ।

Advertisment

উক্ত অনুষ্ঠানটিত শিক্ষাৰ্থী সকলৰ সৈতে পদাৰ্থ বিজ্ঞান আৰু ভৌতিক পদাৰ্থ বিজ্ঞানৰ সন্দৰ্ভত ৰসিকতা আৰু আমোদজনক ভাৱে মত বিনিময় কৰিলে প্ৰখ্যাত বৈজ্ঞানিকগৰাকীয়ে ৷ সোমবাৰৰ এই অনুষ্ঠানত লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে ডন বস্কো স্কুল, ৰেলৱে উচ্চত্বৰ মাধ্যমিক বিদ্যালয়, প্ৰণৱানন্দ বিদ্যা মন্দিৰৰ শিক্ষাৰ্থী সকলে অংশ গ্ৰহণ কৰে ।

বৰ্তমান সময়ত বিজ্ঞান বিভাগত পাঠদানৰ বাৰে অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলে ভয় কৰা পৰিলক্ষিত হয় সেয়েহে পৰীক্ষাৰ আগমূহুৰ্তত এই ভয় আঁতৰ কৰাৰ উদ্দেশ্যে এই অনুষ্ঠন আয়োজন কৰে কতৃপক্ষই । লগতে এই অনুষ্ঠানটিত ড০ হৰি চন্দ্ৰ বৰ্মাক লগ পাই ছাত্ৰ ছাত্ৰী সকলেও উৎফুল্লিত হৈ পৰাও পৰিলক্ষিত হয় ৷

Also Read: পাচলি খেতিৰে আত্ম নিৰ্ভৰশীলতাৰ নিদৰ্শন কঠীয়াতলীৰ যুৱকৰ

padmasri lamding railway school don bosco public school Dr. Harish Chandra Barma