৩ বজাৰ পূৰ্বে ৰাহুল গান্ধীক বটদ্রৱাত প্রৱেশত বাধা আৰক্ষীৰ

৩ বজাৰ পূৰ্বে ৰাহুল গান্ধীক বটদ্রৱাত প্রৱেশত বাধা আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
৩ বজাৰ পূৰ্বে ৰাহুল গান্ধীক বটদ্রৱাত প্রৱেশত বাধা আৰক্ষীৰ

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ বটদ্রৱা যাত্রাত প্রশাসনৰ বাধা। সোমবাৰে ৩ বজাৰ পূৰ্বে বটদ্রৱাত প্রৱেশত বাধা আৰক্ষীৰ। ধিং গেটত আৰক্ষীৰে বাক-বিতণ্ডা ৰাহুল গান্ধীৰ। ধিং গেটতে আবদ্ধ হৈ আছে কংগ্রেছ ন্যায় যাত্রাৰ দল। বটদ্রৱা সংযোগী সকলো পথ বন্ধ কৰি দিছে প্রশাসনে। ৩ বজাৰ পিছতহে বটদ্রৱালৈ আহিবলৈ জনাইছিল আহ্বান। ৰাহুল গান্ধীক আহ্বান জনাইছিল থান পৰিচালনা সমিতিয়ে।

উল্লেখ্য যে, বৰ্তমান অসমত আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। আজি বটদ্ৰৱা থানলৈ যোৱাৰ কথা আছিল গান্ধী। তাৰ পূৰ্বে দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি গান্ধীক ২ বজাৰ পাছত বটদ্ৰৱালৈ যাবলৈ আহ্বান জনায়। কিন্তু আজি পুৱাৰ ভাগতে কংগ্ৰেছ নেতাগৰাকী বটদ্ৰৱালৈ যাত্ৰা কৰে।

তাৰপাছতে ধিং গেটত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখে ৰাহুল গান্ধীক। তেওঁৰ লগত যথেষ্ঠ সমৰ্থকো দেখা যায়।আনহাতে গান্ধীক গুৱাহাটীৰ মাজ মজিয়াৰে যাত্ৰা কৰাতো প্ৰশাসনে বাধা দিছে।

Also Read: ৰাম মন্দিৰঃ মাত্ৰ ৮৪ ছেকেণ্ড, কেতিয়া হ'ব অভিজিৎ ক্ষণ? জানক সৱিশেষ

rahul gandhi congress