আকৌ ভাৰত জোড়ো যাত্ৰাৰ বাবে সাজু ৰাহুল গান্ধীঃ RSS ৰ বৰঘৰ নাগপুৰত বজাব ৰণ দুন্দুভি

আকৌ ভাৰত জোড়ো যাত্ৰাৰ বাবে সাজু ৰাহুল গান্ধীঃ RSS ৰ বৰঘৰ নাগপুৰত বজাব ৰণ দুন্দুভি

author-image
Asomiya Pratidin
New Update
আকৌ ভাৰত জোড়ো যাত্ৰাৰ বাবে সাজু ৰাহুল গান্ধীঃ RSS ৰ বৰঘৰ নাগপুৰত বজাব  ৰণ দুন্দুভি

আকৌ ভাৰত জোড়ো যাত্ৰাৰ বাবে সাজু ৰাহুল গান্ধীঃ RSS ৰ বৰঘৰ নাগপুৰত বজাব ৰণ দুন্দুভি

ডিজিটেল ডেস্কঃ পুনৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ বাবে সাজু হৈছে ৰাহুল গান্ধী। ২০২৪ ৰ আৰম্ভণিতে কংগ্ৰেছ নেতাগৰাতীয়ে পূবৰ পৰা পশ্চিমলৈ ভাৰত জোড়ো যাত্ৰাৰ কাৰ্যসূচী আৰম্ভ কৰিব। জানিব পৰা মতে জানুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব এই যাত্ৰা।

Advertisment

ভাৰত জোড়ো যাত্ৰাৰ প্ৰথম পৰ্যায়ৰ দৰে অৱশ্যে 'ভাৰত জোড়ো যাত্ৰা ২.০' সম্পূৰ্ণ পদযাত্ৰাৰ নহ'ব। সম্পূৰ্ণ যাত্ৰা পথৰ কোনো কোনো স্থানত যদি পদ যাত্ৰা কৰিব আন কোনো স্থানত বাহনেৰে এই যাত্ৰা কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে।

তাৰ মাজতে অৱশ্যে ঠায়ে ঠায়ে সৰু, ডাঙৰ কেইবাখনো জনসভাও সম্বোধন কৰিব ৰাহুল গান্ধীয়ে। ভাৰত জোড়ো যাত্ৰা ২.০ ত বিশেষ গুৰুত্ব লাভ কৰিব উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ আদি ৰাজ্যই।

অৱশ্যে এই যাত্ৰাৰ পূৰ্বেই মহাৰাষ্ট্ৰত কেতবোৰ বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰ এছ এছৰ বৰঘৰ স্বৰূপ নাগপুৰত অনুষ্ঠিত কৰিব 'হ্যে তৈয়াৰ হম' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী।

উল্লেখ্য অহা ২৮ ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস। সেই দিনাই নাগপুৰত এই জনসভা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছে। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ লগতে গান্ধী পৰিয়ালৰ তিনি সদস্য ক্ৰমে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়েও এই সভাত অংশগ্ৰহণ কৰিব।

ইয়াৰোপৰি এই সভাত উপস্থিত থাকিব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সকলো সদস্য, মুখ্যমন্ত্ৰীসকল, ৰাজ্যিক নেতায়ো এই সভাত যোগদান কৰিব। এই সভা অনুষ্ঠিত কৰিবলৈ মঙ্গলবাৰে ৯ জন সদস্যৰ দ্বাৰা গঠিত প্ৰস্তুতি কমিটী ঘোষণা কৰিছে কংগ্ৰেছে।

স্মৰ্তব্য, ১৯২০ চনত মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ নাগপুৰত অনুষ্ঠিত হোৱা সভাৰ পৰাই স্বাধীনতা আন্দোলনৰ প্ৰধান সেনানী হিচাপে থিয় দিছিল। সেয়ে নাগপুৰক লৈ কংগ্ৰেছৰ আছে বিশেষ গুৰুত্ব। লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছে নাগপুৰৰ পৰাই যুঁজ দিবলৈ ককালত টঙালি বান্ধিছে।

Also Read: কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন...

কংগ্ৰেছ ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰা