/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7af3b2fd-10b1-4ad1-9f49-4aa4173fa53e/103.jpg)
ডিজিটেল সংবাদ,কাজিৰঙা : আছুৰ পৰা সদ্যঅপসাৰিত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি গীতাৰ্থ শইকীয়া আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ গগৈয়ে প্ৰথমবাৰৰ বাবে মুখ খুলিলে সংবাদ মাধ্যমৰ সমুখত। অনিচ্চাকৃত ভুলৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে দুয়োগৰাকী ছাত্ৰ নেতাই।
আনহাতে আছুৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি গোলাঘাট জিলা আছুৱে পৰম্পৰাগতভাৱে ৰাজনৈতিক ব্যক্তিক পূৰ্বেও নিমন্ত্ৰণ জনাইছিল যদিও এইবেলিহে বিতৰ্কৰ সূত্ৰপাত হ'ল। আছুৰ কেন্দ্ৰীয় উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়েও অতুল বৰা আৰু বিধায়ক বিশ্বজিৎ ফুকনক নিমন্ত্ৰণ জনাইছিল যদিও তেওৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল।
কেন্দ্ৰীয় সমিতিয়ে পক্ষপাতমূলকভাৱে দুয়োগৰাকী নেতাক এবছৰৰ বাবে পদৰ পৰা অপসাৰণ কৰাত মানসিকভাৱে ভাগি পৰা বুলি ব্যক্ত কৰে। সংগঠনটোৰ এটা চক্ৰই দুয়োৰে বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলিও ক্ষোভ ব্যক্ত কৰি এই শাস্তি কিছু লঘু কৰিবলৈ কেন্দ্ৰীয় সমিতিক আহ্বান জনাই দুয়োগৰাকী নেতাই।
Also Read: অসম গেছ কোম্পানীৰ হঠকাৰী সিদ্ধান্তত সাৰ কাৰখানা লৈ নামি আহিছে অন্ধকাৰ !