প্ৰসংগ-ফাইজান: ডিব্ৰুগড়ত ফাইজানৰ কবৰস্থান খান্দিলে চি আই ডিয়ে...

ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা কলকাতা চি আই ডিয়ে খান্দি উলিৱালে তিনিচুকীয়াৰ সন্তান ফাইজানৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
প্ৰসংগ-ফাইজান: ডিব্ৰুগড়ত ফাইজানৰ কবৰস্থান খান্দিলে চি আই ডিয়ে...

ডিজিটেল ডেস্ক : আজি কবৰস্থানৰ পৰা খান্দি উলিওৱা হ'ল ফাইজানৰ মৃতদেহ। ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা কলকাতা চি আই ডিয়ে খান্দি উলিৱালে তিনিচুকীয়াৰ সন্তান ফাইজানৰ মৃতদেহ।

Advertisment

ৰেগিঙৰ বলি হৈ আই আই টি খড়পুৰত মৃত্যুক আঁকোৱালি লৈছিল অসম সন্তান ফাইজান আহমেদে। ফাইজানৰ মৃত্যুত সৃষ্টি হৈছিল ৰহস্যৰ। ৰেগিঙৰ নামত হত্যা কৰাৰ অভিযোগ তুলি পৰিয়ালৰলোকে দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পিছতেই কলিকতা উচ্চ ন্যায়ালয়ে এটাৰ পিছত আন এটা শুনানি গ্ৰহণ কৰাৰ পিছতো প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ৰেগিঙৰ লগত জড়িত ছাত্ৰ সকলৰ নাম দাখিল নকৰাত ক্ষোভ ব্যক্ত কৰিছিল ন্যায়ালয়ে।

এতিয়াও ন্যায় নোপোৱা পৰিয়ালটোক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান দিনৰ পূৰ্বে ঘোষণা কৰিছিল উচ্চ স্তৰীয় তদন্ত। যাৰ বাবে চি আই ডিৰ হাতলৈ গৈছিল সমগ্ৰ তদন্ত প্ৰক্ৰিয়া। আজি এই তদন্তৰ খাতিৰতেই চি আই ডিয়ে ডিব্ৰুগড়ৰ আমোলাপট্টিস্থিত কবৰস্থানৰ পৰা ফাইজানৰ মৃতদেহ খান্দি উলিয়াই। আনহাতে আই আই চি খড়গপুৰৰ প্রতিনিধিক কবৰস্থানত প্রৱেশ কৰাত বাধা প্ৰদান কৰে চি আই ডিয়ে।

উল্লেখ্য যে, বিগত বছৰৰ ১৪ অক্টোবৰত হোষ্টেলৰ কোঠাৰ পৰাই উদ্ধাৰ হৈছিল ফাইজানৰ অৰ্ধগলিত মৃতদেহ। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত ফাইজানে ৰেগিঙৰ নামত তেওঁৰ ওপৰত চলা অমানুষিক অত্যাচাৰৰ বিষয়ে অভিযোগ উত্থাপন কৰিছিল। কিন্তু আই আই টি কৰ্তৃপক্ষই কোনো পদক্ষেপ হাতত লোৱা নাছিল।

Also Read: বাৰিষাৰ প্ৰথমজাক বৰষুণতেই মাধৱপাৰাত বৰপানী নদীৰ খহনীয়া...

cid GOVT OF ASSAM