/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6200d149-25d5-411d-9c94-48110b5e62a8/khalistani.jpg)
পঞ্জাৱ পুলিচ টুইট
ডিজিটেল ডেস্কঃ বৰ্তমানেও অমৃত পাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই পঞ্জাৱ আৰক্ষী । শেহতীয়াকৈ ৰাজ্যখনৰ আৰক্ষীয়ে খালিস্তানী নেতাগৰাকীক টুইট কৰি সতৰ্ক কৰি দিছে । পঞ্জাৱ আৰক্ষীয়ে মঙলবাৰে সামাজিক মাধ্যমৰ জৰিয়তে দ্য বয়জ শীৰ্ষক এটি ভিডিঅ খলিস্তানীক উদ্দেশ্যি সকিয়নি প্ৰদান কৰিছে । আপুনি পলাই থাকিব পাৰে । কিন্তু আপুনি আইনৰ পৰা হাৰি যাব নোৱাৰে । এইদৰে ভিডিঅ জৰিয়তে সকিয়াই দিছে ৱাৰিছ দে পঞ্জাৱৰ নেতাগৰাকীক ।
সোমবাৰে অমৃত পালৰ সৈতে একেলগে পলায়ন কৰা ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত সিঙক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীৰ কাউণ্টাৰ-ইণ্টেলিজেঞ্চ গোটে । পাপলপ্ৰীতক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।
উল্লেখ্য যে বিগত মাহত জলন্ধৰৰ আৰক্ষীৰ ড্ৰেগনেটৰ পৰা নাটকীয়ভাৱে পলাই যোৱাৰ পিছত অমৃত পাল আৰু পাপলপ্ৰীত দুয়ো একেলগেই আছিল বুলিও আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে । ১৪ এপ্ৰিলত শিখসকলৰ বৈশাখী মণ্ডলীক লৈ অমৃতপালে প্ৰেৰণ কৰা ভিডিঅ' পিছত পঞ্জাৱ আৰক্ষীয়ে সষ্টম হৈ থকাৰ উপৰিও নিৰাপত্তা অধিক কটকটীয়া কৰি তুলিছে ।
উল্লেখ্য যে সতীৰ্থক আজনালা থানাৰ পৰা সহযোগীৰ সহোগত উলিয়াই লৈ গৈছিল খালিস্তানী নেতাগৰাকীয়ে । তেতিয়াৰে পৰা পঞ্জাৱ আৰক্ষীৰ তালাচত আছে অণৃত পাল সিং ।
Also Read: টিম কুকে ভাৰতত খুলিব এপল ষ্ট'ৰ