কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেক চমন জাৰি পঞ্জাৱৰ এখন আদালতৰ...

১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে হিন্দু সুৰক্ষা পৰিষদ আৰু বজৰং দল হিন্দৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে।

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেক চমন জাৰি পঞ্জাৱৰ এখন আদালতৰ...

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গেক চমন জাৰি পঞ্জাৱৰ এখন আদালতৰ। তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰিছে 'বজৰং দল হিন্দ'ৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে।

Advertisment

শেহতীয়াকৈ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত মালিকাৰ্জুন খাৰ্গে কৰা এক মন্তব্যৰ বিৰুদ্ধে মানহানি গোচৰ ৰুজু কৰে ভৰদ্বাজে। অভিযোগ অনুসৰি খাৰ্গে বজৰং দলত নিষিদ্ধ ইছলামিক সংগঠন পপুলাৰ ফন্ট অফ ইণ্ডিয়াৰ লগত তুলনা কৰিছিল।

আবেদনকাৰীয়ে জনোৱা অনুসৰি কংগ্ৰেছে কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত বজৰং দলক "চিমি আৰু আল-কায়েদাৰ দৰে দেশ বিৰোধী সংগঠন"ৰ সৈতে তুলনা কৰিছিল। যাৰ বাবে ১০ জুলাইত আদালতত হাজিৰ হ'বলৈ খাৰ্গেদ নিৰ্দেশ প্ৰদান কৰে।

Also Read: বিষাক্ত সুৰাপান কৰি ১৩ জনৰ মৃত্যু, একাংশ চিকিৎসাধীন, নিলম্বিত ৪ আৰক্ষী বিষয়া

congress