বিষাক্ত সুৰাপান কৰি ১৩ জনৰ মৃত্যু, একাংশ চিকিৎসাধীন, নিলম্বিত ৪ আৰক্ষী বিষয়া

বিষাক্ত সুৰাপান কৰি মৃত্যু ১১ জনকৈ লোকৰ। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। ৰাজ্যৰ দুটাকৈ অঞ্চলত সংঘটিত হোৱা এই ঘটনাত প্ৰাণ যায় ১১ জন লোকৰ।

author-image
Asomiya Pratidin
New Update
বিষাক্ত সুৰাপান কৰি ১৩ জনৰ মৃত্যু, একাংশ চিকিৎসাধীন, নিলম্বিত ৪ আৰক্ষী বিষয়া

ডিজিটেল ডেস্কঃ বিষাক্ত সুৰাপান কৰি মৃত্যু ১৩ জনকৈ লোকৰ। দেওবাৰে এই ঘটনা সংঘটিত হৈছে তামিলনাডুত। ৰাজ্যৰ দুটাকৈ অঞ্চলত সংঘটিত হোৱা এই ঘটনাত প্ৰাণ যায় ১৩ জন লোকৰ।

আৰক্ষীৰ মতে বিল্লুপুৰাম জিলাত ৭ আৰু চেংগলপট্টু জিলাত ৪ জন লোকৰ মৃত্যু হয়। আনহাতে ৩০ জনতকৈ অধিক লোক বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি অবৈধ সুৰা সৰবৰাহৰ লগত জড়িত ৯ জনক গ্ৰেপ্তাৰ কৰিছে। লগতে কৰ্তব্যত অৱহেলা কৰাৰ বাবে চাৰিজন আৰক্ষী বিষয়াক নিলম্বিত কৰিছে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছে যে মৃত্যু হোৱা লোকসকলে ঔদ্যোগিক মিথাইনলৰ সৈতে মিশ্ৰিত অবৈধ সুৰা সেৱন কৰিছিল। যাৰ বাবে তেওঁলোকে মৃত্যুক সাৱতি লয়।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে মৃতকৰ পৰিয়ালৰ বাবে ১০ লাখ টকা আৰু চিকিৎসাধীন লোকসকলৰ বাবে ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

Also Read: ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৩ জনৰ মৃত্যু

tamilnadu