/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/46cee962-dd95-4c11-a569-5376ce33c530/vffg.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰিলে নিজৰ পত্নী আৰু ভতিজাক। তাৰ পাছতে নিজেও কৰিলে আত্মহত্যা। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনে চহৰত।
ঘটনাটো সোমবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হয়। এচিপি ভাৰত গাইকৱাড়ৰ বাংলোত সংঘটিত হয় এই ঘটনা। ঘটনাটোৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
গাইকৱাড় অমৰাৱতীত এচিপি হিচাপে কৰ্মৰত অৱস্থাত আছিল আৰু তেওঁ ঘৰলৈ আহিছিল। আৰক্ষীয়ে কয় যে, সোমবাৰে পুৱা প্ৰায় ৩.৩০ বজাত এচিপিয়ে প্ৰথমে তেওঁৰ পত্নীৰ মূৰত গুলী মাৰিছিল। গুলীবৰ্ষণৰ শব্দ শুনি তেওঁৰ পুত্ৰ আৰু ভতিজা দৌৰি আহি দুৱাৰখন খুলিছিল। দুৱাৰ খোলাৰ লগে লগে তেওঁ ভতিজাককো গুলীয়াইছিল। তাৰপাছতে নিজৰ মূৰত গুলীয়াই। ঘটনাস্থলীতে মৃত্যু হয় তিনিওজনৰ।
মৃত আন দুগৰাকী আৰক্ষী বিষয়াৰ পত্নী মনি গাইকৱাড় (৪৪) আৰু ভতিজা দীপক (৩৫) বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: ই-অফিচ কাৰ্যকৰী হ'লে ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হ'ব ৰাজ্যত