ই-অফিচ কাৰ্যকৰী হ'লে ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হ'ব ৰাজ্যত

ই-অফিচ কাৰ্যকৰী হ'লে ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হ'ব ৰাজ্যত

ডিজিটেল ডেস্কঃ এক লাখ নিযুক্তি প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যৰ নিবনুৱাসকললৈ হতাশাৰ বাতৰি। ৰাজ্য প্রশাসনত হ্রাস হ’ব ৫০ শতাংশ পদ। ডিজিটেল মাধ্যমৰ দোহাই দি অৰ্থাৎ ই-অফিচ কাৰ্যকৰীৰ পিছতে ৫০% পদ কৰ্তনৰ প্রক্রিয়া আৰম্ভ।

অপ্রয়োজনীয় পদ বিলুপ্ত কৰিবলৈ প্রতিটো বিভাগলৈ জাননী প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰী প্ৰতিটো বিভাগলৈ প্ৰেৰণ কৰা নং এ বি পি ৬৭/২০২৩/১ নং অফিচ মেমৰেণ্ডামনচ কৰ্মচাৰী বিভাগে উল্লেখ কৰা মতে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰি অসম চৰকাৰৰ বিষয়সমূহ তথা কাম-কাজসমূহ বিজ্ঞানসন্মত, পদ্ধতিগত কৰি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাইজক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে পদক্ষেপ লোৱা হৈছে। ইয়াৰ অধীনতে ই-অফিচ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

যিহেতু সকলো কাম-কাজ ডিজিটেল মাধ্যমেৰে হব গতিকে বহু পদ অপ্ৰয়োজনীয় হৈ পৰিব। গতিকে এনে এপ্ৰয়োজনীয় পদৰ উপৰি চৰকাৰী বিভাগসমূহত যিবোৰ পদ প্ৰয়োজনহীন ভাৱে খালী হৈ আছে তেনে পদ বিলুপ্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

অৱশ্যে যদিহে এনে পদ বিলুপ্ত কৰাৰ পাছত কিবা কাৰণত নতন পদৰ সৃষ্টি কৰিব লগা হয় তেনে সংশ্লিষ্ট বিভাগে কৰ্মচাৰী বিভাগ আৰু বিত্ত বিভাগৰ সৈতে আলোচনা কৰি পদক্ষেপ গ্ৰহণ কৰিব।

জানিব পৰা মতে, ডিজিটেল মাধ্যমৰ হোৱা বাবে বিলুপ্ত হ’ব ৪ৰ্থ বৰ্গ, কম্পিউটাৰ অপাৰেটৰ, ৩য় বৰ্গৰ বহু পদ। অৰ্থাৎ ৰাজ্য প্ৰশাসনৰ ৫০ শতাংশ পদ হ্ৰাস হ'ব। ২০ জুলাইত প্রকাশ কৰা নিৰ্দেশনাত স্পষ্ট হৈছে এই কথা।

যদিহে এই ব্যৱস্থা সম্পূৰ্ণ হৈ উঠে তেন্তে ৰাজ্য চৰকাৰৰ ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হৈ পৰিব।

ই-অফিচ কাৰ্যকৰী হ'লে ৯০ শতাংশ কৰ্মচাৰীৰ কাম নাইকীয়া হ'ব ৰাজ্যত
আন্তঃজিলা পেঞ্চাক চিলাট প্ৰতিযোগিতাৰ সফল সমাপ্তি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in