সৰ্বদলীয় বৈঠকত 'শীৰ্ষ নিৰ্বাচনী বিষয়া নিযুক্তি বিধেয়ক'ৰ তীব্ৰ বিৰোধিতা

সৰ্বদলীয় বৈঠকত  'শীৰ্ষ নিৰ্বাচনী বিষয়া নিযুক্তি বিধেয়ক'ৰ তীব্ৰ বিৰোধিতা

ডিজিটেল ডেস্কঃ দেওবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত চৰকাৰে বিৰোধী দলক দিয়া ৮খন বিধেয়কৰ তালিকাত 'শীৰ্ষ নিৰ্বাচনী বিষয়া নিযুক্তি'ৰ বিধেয়কখন অন্তৰ্ভুক্ত নহ’ল বুলি সূত্ৰই প্ৰকাশ কৰিছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ ৫দিনীয়া বিশেষ অধিৱেশনৰ প্ৰাকক্ষণত অনুষ্ঠিত হৈছিল এই বৈঠক।

চৰকাৰী সূত্ৰই জনোৱা মতে, চৰকাৰে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়কখন সংশোধন কৰিব পাৰে।

উক্ত বিধেয়ক অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্তৰ দৰমহাৰ ক্ষেত্ৰত সাল-সলনি কৰা হ'ব।বিধেয়কখন গৃহীত হ'লে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সমান দৰমহা নাপাই তেওঁলোকে। মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তৰ দৰমহা কেবিনেট সচিবৰ সমান হ'ব।

বিধেয়কখন অনুসৰি, নিৰ্বাচন আয়ুক্তৰ নিযুক্তি সন্দৰ্ভত ৰাষ্ট্ৰপতিক পৰামৰ্শ দিয়া পেনেলৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশৰ স্থান সলনি কৰি কেবিনেটৰ এজন সদস্যক দিব বিচাৰিছে, যাক প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰিব। কিন্তু এই সন্দৰ্ভত মাৰ্চ মাহৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি এই পেনেলত প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধীৰ নেতা, আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ থাকিব লাগে।

এই ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি বিৰোধী দলসমূহে অভিযোগ কৰিছিল যে, ইয়াৰ ফলত নিৰ্বাচনৰ ন্যায় পৰায়ণতাক প্ৰভাৱিত হ’ব। আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালে ইয়াৰ বিৰোধিতা কৰিছে।

আনহাতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে সৰ্বদলীয় বৈঠকৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰোতে বিধেয়কৰ বিষয়ে প্ৰশ্ন কৰাত কোনো উত্তৰ নিদিলে।

বৈঠকত সোমবাৰৰ পৰা আৰম্ভ হোৱা পাঁচদিনীয়া অধিৱেশনৰ সময়ত শাসকীয় এন ডি এ আৰু বিৰোধী ইণ্ডিয়া ব্লককে ধৰি কেইবাটাও ৰাজনৈতিক দলে মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত কৰাৰ কথা উল্লেখ কৰে।

সৰ্বদলীয় বৈঠকত  'শীৰ্ষ নিৰ্বাচনী বিষয়া নিযুক্তি বিধেয়ক'ৰ তীব্ৰ বিৰোধিতা
ঠিকাভিত্তিক ১৩২৪ গৰাকী কম্পিউটাৰ প্ৰশিক্ষকৰ বাবে শিক্ষামন্ত্ৰীয়ে দিলে ভাল খবৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in