সোনকালে আহিম বুলিও উভতি আহিব নোৱাৰিলে প্ৰমোদ নেগী, ছহীদ হ'ল দেশৰ হকে...

জম্মুৰ সংভাগৰ ৰাজৌৰীত শুকৰবাৰে সন্ত্ৰাসবাদীৰ লগত হোৱা সংঘৰ্ষত ৫ জনকৈ জোৱান ছহীদ হৈছিল।

author-image
Asomiya Pratidin
New Update
সোনকালে আহিম বুলিও উভতি আহিব নোৱাৰিলে প্ৰমোদ নেগী, ছহীদ হ'ল দেশৰ হকে...

ডিজিটেল ডেস্কঃ জম্মুৰ সংভাগৰ ৰাজৌৰীত শুকৰবাৰে সন্ত্ৰাসবাদীৰ লগত হোৱা সংঘৰ্ষত ৫ জনকৈ জোৱান ছহীদ হৈছিল। ইয়াৰ ভিতৰত আছিল উত্তৰাখণ্ডৰ ৰুচিন সিং ৰাৱট, পশ্চিম বংগক সিদ্ধাতক ক্ষেত্ৰী, জম্মু-কাশ্মীৰৰ নীলম সিং আৰু হিমাচল প্ৰদেশৰ অৰবিন্দ কুমাৰ আৰু প্ৰমোদ নেগী।

Advertisment

প্ৰমোদ নেগী প্ৰায় ৬ বছৰ পূৰ্বে দেশৰ সেৱাৰ বাবে স্পেচিয়েল ফোৰ্চত যোগদান কৰিছিল। তেওঁ জম্মু-কাশ্মীৰৰ ৰাজৌৰীত আছিল। শুকুৰবাৰে তেওঁ ছহীদ হোৱাৰ পাছতেই সমগ্ৰ অঞ্চলটোত শোক বিৰাজ কৰিছে।

প্ৰমোদ নেগীৰ পৰিয়ালত তেওঁৰ মাতৃ, পিতৃ, ভগ্নী আৰু ভাতৃ আছে। মিছনলৈ যোৱাৰ পূৰ্বে প্ৰমোদে মাতৃক ফোন কৰি কৈছিল যে- ''মা মই এটা জৰুৰী মিছনলৈ গৈ আছো। ১০ দিন মান ফোন অফ থাকিব বাবে। চিন্তা নকৰিবা। মই সোনকালে উভতি আহিম''। বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত তেওঁ এই কথোপকথন কৰিছিল।তাৰ পাছদিনাই তেওঁৰ মৃত্যুৰ খবৰ আহিছিল।

উল্লেখ্য যে, উক্ত অঞ্চলটোত ৩ মে'ৰ পৰা সেনাই অভিযান চলাই আছে। ইতিমধ্যে কেইবাজনো সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহতও হৈছে। এক বিশেষ সূত্ৰৰ পৰা খবৰ লাভ কৰি এই অভিযান আৰম্ভ কৰিছিল।

Also Read: প্ৰতি ঘন্টাত ৭০-৮০ কিলোমিটাৰ! আহি আছে ঘূৰ্ণী বতাহ...

jammu