প্ৰতি ঘন্টাত ৭০-৮০ কিলোমিটাৰ! আহি আছে ঘূৰ্ণী বতাহ...

আহি আছে ঘূৰ্ণী বতাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহৰ সম্ভাৱনা আছে

author-image
Asomiya Pratidin
New Update
প্ৰতি ঘন্টাত ৭০-৮০ কিলোমিটাৰ! আহি আছে ঘূৰ্ণী বতাহ...

ডিজিটেল ডেস্কঃ আহি আছে ঘূৰ্ণী বতাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপসাগৰৰ ওপৰত ঘূৰ্ণীবতাহৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগৰ বিষয়াই জনাই যে শনিবাৰে পুৱাৰ ভাগত দক্ষিণ-পূৱ বংগোপ সাগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত ঘূৰ্ণী বতাহৰ লক্ষণ দেখা গৈছিল।

Advertisment

ইয়াৰ প্ৰভাৱ ৮ মে'লৈ সেই অঞ্চলখিনিত থকাৰ সম্ভাৱণা আছে। ৯ মে'ত আশে পাশে পৰিস্থিতি কিছু গম্ভীৰ হ'ব পাৰে। পাছত এই বতাহ পশ্চিম বংগৰ মাজভাগত প্ৰৱল হোৱাৰ সম্ভাৱণা আছে। বৰ্তমান ইয়াৰ ওপৰত বতৰ বিজ্ঞানী সকলে নিৰীক্ষণ কৰি আছে।

৮ মে'ৰ পৰা ১২ মে পৰ্যন্ত বেছিভাগ অঞ্চলত মধ্যমীয়া বৰষুণ হ'ব পাৰে। ৮ ৰ পৰা ১১ মে'ত বিভিন্ন স্থানত অধিক ধাৰাসাৰ বৰষুণ হ'ব পাৰে।১০ মে'ত, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এই বতাহৰ গতিবেগ প্ৰতি ঘন্টাত ৭০-৭০ কিলোমিটাৰ হ'ব পাৰে। ১০ তাৰিখৰ পৰা বতাহ বৃদ্ধি হোৱাৰ সম্ভাৱণা আছ। ইতিমধ্যে বতৰ বিজ্ঞানী সকলে মাছমৰীয়া আৰু দাঁতিকাষৰীয়া লোক সকলক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

Also Read: ব্যস্ত প্ৰধানমন্ত্ৰীয়ে কেতিয়া শুনিব মণিপুৰ, মল্লযুঁজাৰু সকলৰ আৰ্তনাদ ?

cyclone