ভগ্নীস্নেহ! ৰাহুল গান্ধীৰ পদ খাৰিজত উভতি ধৰিছে প্ৰিয়ংকা গান্ধীয়ে...

আজি খাৰিজ কৰা হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ। অহা ৮ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব সাংসদ গৰাকীয়ে

author-image
Asomiya Pratidin
New Update
ভগ্নীস্নেহ! ৰাহুল গান্ধীৰ পদ খাৰিজত উভতি ধৰিছে প্ৰিয়ংকা গান্ধীয়ে...

ডিজিটেল ডেস্ক: আজি খাৰিজ কৰা হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ। অহা ৮ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব সাংসদ গৰাকীয়ে। এই ৰায় প্ৰদান লোকসভা সচিবালয়ৰ। দেশৰ প্ৰধান মন্ত্ৰীক অপমান সূচক মন্তব্য কৰাৰ বাবেই এই শাস্তি প্ৰদান কংগ্ৰেছ যুৱনেতা গৰাকীক।

Advertisment

লোকসভা সচিবালয়ে এই ৰায় প্ৰদান কৰাৰ লগে লগে এতিয়া সৰ্বতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক মহলত চৰ্চিত প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ ৰাহুলৰ ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীকো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

কংগ্ৰেছ নেত্ৰী তথা ৰাহুল ভগ্নীয়ে টুইত যোগে ভাৰতীয় জনতা পাৰ্টিক উভতি ধৰা দেখিবলৈ পোৱা যায়। প্ৰকৃততে কোনে দেশক লুটিছে বুলি প্ৰশ্ন কৰি নেত্ৰী গৰাকীয়ে নিৰভ মোডী স্কেমৰ ১৪ কোটি, ললিত মোডী স্কেমৰ ২৪২ কোটি, মেহুল চৌকচি স্কেমৰ ১৩,৫০০ কোটি টকাৰ প্ৰসংগ তুলি প্ৰশ্ন কৰে। কিয় এনেবোৰ কেলেংকাৰীৰ সঠিক তদন্ত নহয় বুলি নেত্ৰী গৰাকীয়ে উভতি ধৰে।

Also Read: আজি প্রদান কৰা হ'ল ৰাজ্যৰ সৰ্বোচ্চ সন্মান...

indian national congress