আজি প্রদান কৰা হ'ল ৰাজ্যৰ সৰ্বোচ্চ সন্মান...

আজি ৰাজ্যৰ এই সৰ্বোচ্চ সন্মানৰ সমান্তৰালকৈ প্ৰদান কৰা হ'ল দ্বিতীয়-তৃতীয় শ্ৰেষ্ঠ সন্মান ক্ৰমে অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাও

author-image
Asomiya Pratidin
New Update
আজি প্রদান কৰা হ'ল ৰাজ্যৰ সৰ্বোচ্চ সন্মান...

ডিজিটেল ডেস্ক: ৰাজ্যৰ সৰ্বোচ্চ সন্মান হ'ল অসম বৈভৱ বঁটা। আজি ৰাজ্যৰ এই সৰ্বোচ্চ সন্মানৰ সমান্তৰালকৈ প্ৰদান কৰা হ'ল দ্বিতীয়-তৃতীয় শ্ৰেষ্ঠ সন্মান ক্ৰমে অসম সৌৰভ আৰু অসম গৌৰৱ বঁটাও। ৰাজ্যৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই প্ৰদান কৰে এই বঁটা।

Advertisment

মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা। ৰাজ্যপালসহ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিক থকা এই অনুষ্ঠানত ডাঃ তপন কুমাৰ শইকীয়ালৈ আগবঢ়োৱা হয় এইবৰ্ষৰ ৰাজ্যৰ শ্ৰেষ্ঠ সন্মান অসম বৈভৱ বঁটা।

আনহাতে ৰাজ্যৰ দ্বিতীয় শ্ৰেষ্ঠ সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰা হয় কৃষ্ণ ৰয়, গিলবাৰ্টচন চাংমা, খেলুৱৈ নয়নমণি শইকীয়া তথা ড০ বিনয় কুমাৰ শইকীয়াক।

তেনেদৰে অসম গৌৰৱ বঁটা- ডাঃ শশীধৰ ফুকন, ধৃতিমালা ডেকা, দেৱজিত বৰ্মন, ৰুস্তম বসুমতাৰী, মানজে লালৈ, বিনন্দ হাতীবৰুৱা, গ্রুপ কেপ্টেইন অতুল চন্দ্র বৰুৱা, কল্যাণী ৰাজবংশী, চিলা গোৱালা, ড০ যোগেশ দেউৰী, ডাঃ পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, ড০ ধ্রুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী, ডাঃ চৈয়দ ইফটিকাৰ আহমেদলৈ আগবঢ়োৱা হয়।

Also Read: ৰৌতাৰ ইকৰাবাৰীত হস্ত নিৰ্মিত বোমা নিক্ষেপ..

assam gaurav ASSAM GOVERNMENT