বিজেপিয়ে চাকৰি দিব নোৱাৰে, কিন্তু কংগ্ৰেছ শাসনলৈ আহিলে খালী থকা ৩০ লাখ পদ পূৰণ কৰা হ'বঃ প্ৰিয়ংকা

বিজেপিয়ে চাকৰি দিব নোৱাৰে, কিন্তু কংগ্ৰেছ শাসনলৈ আহিলে খালী থকা ৩০ লাখ পদ পূৰণ কৰা হ'বঃ প্ৰিয়ংকা

author-image
Asomiya Pratidin
New Update
বিজেপিয়ে চাকৰি দিব নোৱাৰে, কিন্তু কংগ্ৰেছ শাসনলৈ আহিলে খালী থকা ৩০ লাখ পদ পূৰণ কৰা হ'বঃ প্ৰিয়ংকা

প্ৰিয়ংকা গান্ধী

ডিজিটেল ডেস্কঃ নিবনুৱা সমস্যা সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বিজেপিক আক্ৰমণ কৰি কটাক্ষমূলক মন্তব্য কৰে। তেওঁ কয় যে, দেশৰ যুৱ সমাজে বুজি পাইছে বিজেপিয়ে চাকৰি দিব নোৱাৰে বুলি।

Advertisment

এক্সত পোষ্ট কৰি গান্ধীয়ে কয় যে, ভাৰতৰ মুঠ নিবনুৱাৰ ৮৩ শতাংশ যুৱ। ২০২০ চনত মুঠ নিবনুৱাৰ ৩৫.২ শতাংশ আছিল শিক্ষিত যুৱক-যুৱতী। ২০২২চনত, ই প্ৰায় দুগুণ হৈ ৬৫.৭ শতাংশ হৈছে।

আনহাতে, প্ৰধানমন্ত্ৰীৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাই কয় যে "চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে"। "এয়াই বিজেপি চৰকাৰৰ সত্য। আজি দেশৰ প্ৰতিজন যুৱক-যুৱতীয়ে বুজি পাইছে যে বিজেপিয়ে নিযুক্তি প্ৰদান কৰিব নোৱাৰে।

তেওঁ কয় যে, চৰকাৰে নিৰ্বাচনৰ প্ৰতিশ্ৰুতিত উল্লেখ কৰিছে যে কংগ্ৰেছৰ ওচৰত যুৱ সমাজক চাকৰি দিবলৈ পৰিকল্পনা আছে। খালী হৈ থকা ৩০ লাখ পথ শীঘ্ৰেই পূৰণ কৰা হ'ব।

তেওঁ কয়, কংগ্ৰেছ চৰকাৰে নিযুক্তি বিপ্লৱৰ জৰিয়তে দেশৰ যুৱপ্ৰজন্মৰ হাত শক্তিশালী কৰিব। যুৱসকল হৈছে দেশৰ ভৱিষ্যত। যদি তেওঁলোক শক্তিশালী হয়, তেন্তে দেশ শক্তিশালী হ'ব।

Also Read: ধন আৰু মন...

bjp congress