ধন আৰু মন...

ধন আৰু মন...

টকাৰে সজা এখন বিচনা। সেই বিচনাৰ ওপৰত শুই থকা এজন ব্যক্তি। খালী গাৰ ওপৰতো কেইবাখনো ৫০০ টকীয়া নোট। কিয় মানুহজনৰ এই ইচ্ছা গৈছিল, মানুহজনে নিজেই গম পাব।

টকাৰ বিচনাৰ ওপৰত শুই থকা ফটোখন মানুহজনে হোৱাটছ এপৰ ষ্টেটাচত দিছিল। বিবেক-বুদ্ধিহীন মানুহজনে হয়তো ভৱা নাছিল সেই ফটোখন ভাইৰেল হৈ পৰিব। সেই ফটোখনে বিটিএডিৰ বহু কথা পোহৰলৈ আনিব।

কোনোবাই সেই ফটোখন সামাজিক মাধ্যমত ভাইৰেল কৰিলে। তাৰপাছত ফটোখনক লৈ স্বাভাৱিকভাৱে সৃষ্টি হ'ব পৰা প্ৰতিক্ৰিয়া সৃষ্টি হ'ল। ফটোখনৰ আধাৰত সাধাৰণ মানুহে বুজিব পাৰিলে বিটিএডিত কি স্তৰত দুৰ্নীতি চলিছে।

মানুহজনৰ নাম বেঞ্জামিন বসুমতাৰী। তেওঁ বিটিএডিত শাসনত থকা প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ সদস্য। তেওঁৰ আন এক পৰিচয় আছে। সেয়া হ'ল ভিচিডিচিৰ তেওঁ অধ্যক্ষ। ভিচিডিচি মানে- ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি।

আমাৰ গাঁও পঞ্চায়তৰ সভাপতি পৰ্যায়ৰ এক পদ। বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে দীৰ্ঘদিনৰ দুৰ্নীতিৰ অভিযোগ আছে। হিতাধিকাৰী আৰু অন্যান্য কামৰ বাবে নিয়মিত কমিছন আৰু উৎকোচ লোৱা অভিযোগ থকা এই মানুহজনে নিজেই প্ৰমাণ কৰি দিলে উত্থাপিত অভিযোগবোৰ সঁচা নে মিছা।

বিটিএডিৰ হৰিশিঙা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভৈৰাগুৰি নামৰ ভিচিডিচিৰ চেয়াৰমেন তেওঁ। কাৰোবাক ঘৰ, বাট-পথৰ ঠিকা, বিভিন্ন আঁচনি ৰূপায়ন, হিতাধিকাৰী নিৰ্বাচনৰ নামত বিটিএডিত মুকলি বজাৰ এখন বহি আছে।

বিশেষকৈ ডিআৰডিএ অৰ্থাৎ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ন, জৱকাৰ্ডৰ কাম বিতৰণত সংঘটিত দুৰ্নীতিৰ হিচাপ নাই। এনে অভিযোগো আছে যে কোনোবাই তাত ঠিকা আৱন্টন পোৱা মাত্ৰেই ৭ শতাংশ কমিছন দিব লাগে। তাৰ পাছৰ অংকবোৰ বেলেগ।

অথচ এই বিটিএডি গঠনৰ পাছত গ্ৰাম্যঞ্চলবোৰৰ সম-উন্নয়ন, বিকাশৰ বাবে গঠন কৰা হৈছিল ভিচিডিচি। এক অৰ্থত ভিচিডিচি হ'ল স্থানীয় চৰকাৰ। সংবিধানৰ ষষ্ঠ অনুসূচীৰ আধাৰত ভাৰত চৰকাৰ আৰু বিএলটিৰ মাজত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত এক বুজাবুজিৰ চুক্তি হৈছিল।

সেই চুক্তি অনুসৰিয়েই ৮,৭৯০ বৰ্গকিলোমিটাৰ সামৰি গঠন কৰা হৈছিল বিটিএডি। পৰৱৰ্তী সময়ত সেয়া হৈছিল বিটিআৰ। এই চুক্তি অনুসৰিয়েই বিটিচিৰ সামগ্ৰিক উন্নয়নৰ বাবে জিলা পৰ্যায়ত টিচিএলচিচি আৰু গাঁও পৰ্যায়ত ভিচিডিচি গঠন কৰা হৈছিল।

২০০৬ চনৰ ৪ ছেপ্টেম্বৰত মেম নম্বৰ বিটিচি/আৰডি(ভিচিডিচি)ৰ জৰিয়তে ভিচিডিচি গঠনৰ জাননী জাৰি কৰা হৈছিল। বড়োলেণ্ড কাউন্সিলত পাছ কৰা হৈছিল বড়োলেণ্ড কাউন্সিল ভিলেজ বিল।

তাৰপাছত এইদৰে আন ঠাইত আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত গঠন কৰাৰ দৰেই বিটিচিত টিচিএলচিচি, ভিচিডিচি গঠন কৰা হৈছিল। পূৰ্বতেও এই তৃণমূল পৰ্যায়ত ব্যাপক খেলি-মেলি আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে।

বিজেপিৰ সৈতে মিলি ইউপিপিএলে বিটিচিত ক্ষমতালৈ অহাৰ পাছত তেনে দুৰ্নীতি শিপা-মূলে উভালিম বুলি প্ৰতিশ্ৰুতি দিছিল প্ৰমোদ বড়োৱে। কিন্তু সেই প্ৰতিশ্ৰুতিৰ বিপৰীত ছবিহে এতিয়া দেখিবলৈ পোৱা যায়।

এই দুৰ্নীতিৰ অভিযোগবোৰ শাসকীয় ইউপিপিএলে লুকুৱাই ৰাখিব খোজে। কোনোবাই সেই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিলে ভয়-ভাবুকি দিয়াৰো উদাহৰণ আছে। অথচ টিং পাত কেলেংকাৰীৰ পৰা আৰম্ভ কৰি এজন আত্মীয়কে ৮৯টাকৈ ঠিকা দিয়া মানুহজন প্ৰমোদ বড়োৰে একেবাৰে কাষৰ মানুহ।

তেওঁৰ হাতত থকা ক্ষমতা আৰু আঁচনি ৰূপায়নৰ বাবে অহা ধন এই ভিচিডিচিৰ প্ৰতিনিধিৰ জৰিয়তে দুহাতেৰে চপোৱা অভিযোগ পুৰণি নহয়। এনে খবৰো আছে চিৰাঙৰ পদ্মপুৰ ভিচিডিচিৰ সদস্যই হাশ্ৰাউবাৰী গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা হিতাধিকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ চৰকাৰী বিষয়াক দিয়া হৈছিল।

কেৱল সেয়াই নহয়, বেলেগৰ জৱ কাৰ্ডৰ ধন বেলেগৰ একাউন্টত ভৰাই জালিয়াতিৰে উলিয়াই নিয়া বহু ঘটনা ঘটি আছে। এনেকৈয়ে দুৰ্নীতি বিস্তাৰিত হৈছে বিটিএডিত। ভিচিডিচি পৰ্যায়ৰ বিষয়-ববীয়াৰ হাততেই চাওক এতিয়া কিমান দুৰ্নীতিৰ ধন।

বেঞ্জামিন বসুমতাৰী এটা উদাহৰণ। ৫০০ টকীয়া খমখমীয়া নোটৰ ওপৰত শুই তেওঁ নিজেই দেখুৱাই দিলে তেওঁৰ হাতত কিমান ধন আছে। এনেকুৱা বহু বেঞ্জামিনে এতিয়া আমাৰ চৌপাশ ভৰি আছে। কোনোবাই ফটো তুলি অজলাৰ দৰে ধৰা পৰি গৈছে, আন কোনোবাই সেই ধনৰ পাহাৰ জনচক্ষ্যুৰ পৰা গোপনে ৰাখিছে।

প্ৰমোদ বড়োৱে বা চৰকাৰী পক্ষই নিশ্চয় এই দৃশ্যবোৰ দেখিছে। সাধাৰণ কথাতেই ইডি, চিবিআই পঠাই ভালপোৱা চৰকাৰী পক্ষই অন্তত কিয়নো এনে কৰিলে বেঞ্জামিনে সেই কথা জানিবলৈকে তেওঁৰ কাষলৈ আৰক্ষী প্ৰেৰণ কৰে নে নকৰে সেয়া লক্ষণীয় হৈ পৰিছে।

অৱশ্যে বেঞ্জামিন বসুমতাৰীৰ দাবী এই ফটো ৫ বছৰৰ আগৰ। এটা পাৰ্টী কৰি থাকোতে তেওঁ সেই ফটোখন তোলা হয়। কাৰোবাৰ পৰা ৩ লাখ টকা ধাৰলৈ লৈছিল তেওঁ কামৰ বাবে। সেই ধনেৰে হেনো উঠিছিল এই ফটো। কিন্তু কোনোবাই ৫ বছৰ আগত ভাইৰেল হোৱা এই ফটোখন দেখিছিল নে সেয়াও আন এক বিষয়।

ধন আৰু মন...
উজনিৰ ৫টা সমষ্টি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in